Cartoon
View Older
গুৱাহাটী, ৯ ডিচেম্বৰ: আজি সন্ধিয়া মহানগৰীৰ ফটাশিল আমবাৰীৰ হৰিজন ক'লনীত হোৱা এক বিধংসী অগ্নিকাণ্ডৰ ফলত বিস্তৰ ক্ষতি হয়।
অগ্নিকাণ্ডৰ সময়ত প্ৰায় ১৫ টা ৰন্ধনগেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণ হয় যদিও কোনোলোকৰ হতাহত হোৱাৰ খবৰ নাই।
মহানগৰীৰ বিভিন্ন স্থানৰ পৰা অহা অগ্নিনিৰ্বাপকৰ গাড়িৰ সহায়ত প্ৰায় পাঁচ ঘণ্টাৰ পশ্ছাদত জুই নিৰ্বাপিত কৰা হয়।
অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আৰু অশোক সিংঘালে অগ্নিকাণ্ড সংঘটিত হোৱা স্থান পৰিদৰ্শণ কৰি ক্ষয়ক্ষতিৰ বুজ লয়।
Comments