ৱাশ্বিংটন, ৯ ডিচেম্বৰ ঃ একক কৌশলগত চৰিত্ৰ থকা ভাৰত আমেৰিকাৰ মিত্ৰ দেশ নহ’ব, অন্য এক বৃহৎ শক্তি হ’ব৷ আমেৰিকাৰ হোৱাইট হাউছৰ এজন শীৰ্ষ পৰ্যায়ৰ বিষয়াই এইদৰে কয়৷
বিষয়াজনে দৃঢ.ভাৱে কয় যে ভাৰত-আমেৰিকাৰ মাজত যোৱা ২০ বছৰে দ্ৰুতভাৱে বৃদ্ধি পোৱা দ্বিপাক্ষিক সম্পৰ্কৰ দৰে আন কোনো দ্বিপাক্ষিক সম্পৰ্ক ‘গভীৰ আৰু শক্তিশালী’ হোৱা নাই৷
কালি ইয়াত অনুষ্ঠিত এছপেন ছিকিউৰিটি ফ’ৰামৰ এখন সভাত ভাৰত সম্পৰ্কে সোধা এটা প্ৰশ্নৰ উত্তৰত হোৱাইট হাউছৰ এছীয় সমন্বয়ক কুৰ্ট কেম্পবেলে কয় যে তেওঁৰ দৃষ্টিত একৈশ শতিকাত আমেৰিকাৰ বাবে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক৷
তেওঁ আৰু কয়, ‘ভাৰতৰ এক একক কৌশলগত চৰিত্ৰ আছে৷ ই আমেৰিকাৰ মিত্ৰ দেশ নহ’ব৷ স্বাধীন, শক্তিশালী ৰাষ্ট্ৰ হোৱাৰ ভাৰতৰ আকাংক্ষা আছে আৰু ই অন্য এক বৃহৎ শক্তি হ’ব৷
কিন্তু মই ভােবাঁ– আমাৰ কৌশলগত জোঁট বন্ধন প্ৰায় সকলো ক্ষেত্ৰতে বৃদ্ধি পাইছে৷ তেওঁ আৰু কয় যে ভাৰত-আমেৰিকাৰ সম্পৰ্ক কেৱল চীনক লৈ হোৱা উদ্বেগতে গঠন হোৱা নাই৷ তেওঁ কয়, ‘ই হৈছে আমাৰ সমাজৰ মাজত সহযোগিতাৰ গুৰুত্বৰ গভীৰ বুজাবুজি৷’
Comments