নতুন দিল্লী, ৯ ডিচেম্বৰ ঃ হিমাচল প্ৰদেশত কংগ্ৰেছে বিজেপিতকৈ মাত্ৰ ৩৭,৯৭৪টা ভোট বেছি পাই ৰাজ্যখনৰ ক্ষমতা দখলৰ দিশত আগ বাঢ়িল৷ কংগ্ৰেছে ৪৩.৯ শতাংশ ভোটৰ অংশৰে [১৮,৫২,৫০৪টা ভোট] ৪০টা সমষ্টিত বিজয়ী হ’ল৷
ইফালে বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ ভোটৰ অংশ হ’ল ৪৩ শতাংশ [১৮,১৪,৫৩০টা ভোট] আৰু ২৫টা সমষ্টিত জয়ী হ’ল৷ দুয়ো দলৰ মাজত ভোটৰ অংশৰ ব্যৱধান মাত্ৰ ৯.৯ শতাংশ৷ ই হৈছে ১৯৫১ চনৰ পৰা আটাইতকৈ কম৷ ২০১৭ চনৰ বিধানসভাৰ নিৰ্বাচনত হিমাচল প্ৰদেশত বিজেপি ৪৪টা সমষ্টিত জয়ী হৈছিল আৰু ভোটৰ অংশ আছিল ৪৯.৭৯শতাংশ৷
ইফালে, উক্ত নিৰ্বাচনত কংগ্ৰেছে ২১খন আসন লাভ কৰিছিল আৰু দুয়োটা দলৰ ভোটৰ অংশৰ ব্যৱধান আছিল জ্জ.ৰৰ শতাংশ৷ ২০২২ চনৰ বিধানসভাৰ নিৰ্বাচনৰ ফলৰ বিশ্লেষণ মতে কংগ্ৰেছে ৰাজ্যখনত জয়ী হোৱা৪০টা সমষ্টিৰ জয়ৰ ব্যৱধানৰ গড় [৫,৭৮৪টা ভোট] বিজেপি জয়ী হোৱা ২৫টা সমষ্টিৰ জয়ৰ ব্যৱধানৰ গড়তকৈ কম৷
ৰাজ্যখনত মুঠ সমগ্ৰ ৬৮টা সমষ্টিত জয়ৰ ব্যৱধানৰ গড় হৈছে ৬,৫৭৫টা ভোট৷ ৰাজ্যখনত জয়ৰ ব্যৱধান আটাইতকৈ বেছি সেৰাজ সমষ্টিত৷ ইয়াত মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে কংগ্ৰেছৰ চেট ৰামক ৩৮,১৮৩টা ভোটৰ ব্যৱধানত পৰাজিত কৰে৷ জয়ৰ ব্যৱধান আটাইতকৈ কম হৈছে ভোৰঞ্জ সমষ্টিত৷
ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেশ কুমাৰে বিজেপিৰ অনিল ধীমানক মাত্ৰ ৬০টা ভোটৰ ব্যৱধানত পৰাজিত কৰে৷ ৰাজ্যখনৰ আঠটা সমষ্টিত জয়ৰ ব্যৱধান ১০০০টা ভোটতকৈ কম৷ সেইকেইটা সমষ্টি হৈছে কংগ্ৰেছ বিজয়ী হোৱা ভোৰঞ্জ [৬০টা], শিল্লাই [৩৮২টা], সুজনপুৰ [৩৯৯টা], ৰামপুৰ [৫৬৭টা], ৰেণুকাজি [৮৬০টা]
তথা বিজেপি জয়ী হোৱা শ্ৰী নেইনা দেৱীজী [১৭১টা], বিলাসপুৰ [২৭৬টা] আৰু দৰং [৬১৮টা]৷ আনহাতে, ৬৮টা সমষ্টিৰ সাতটা সমষ্টিত জয়ৰ ব্যৱধান আছিল ১০০০-ৰ পৰা ২০০০টা ভোট৷ ইয়াৰে কংগ্ৰেছে তিনিটাত আৰু বিজেপিয়ে চাৰিটাত জয়ী হৈছে৷
ইফালে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ হামিৰপুৰ লোক সভা সমষ্টিৰ অধীনৰ পাঁচটা বিধানসভা সমষ্টিতে বিজেপিৰ পৰাজয় হয়৷ আনহাতে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ গৃহ নগৰ বিলাসপুৰ জিলাৰ তিনিওটা সমষ্টিতে দলটোৱে জয়লাভ কৰে৷
Comments