নতুন দিল্লী, ৯ ডিচেম্বৰ ঃ প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চলা প্ৰচাৰ অভিযানেৰে বিজেপিয়ে গুজৰাট বিধানসভা নিবৰ্াচনত বিশাল জয় সাব্যস্ত কৰাৰ পাছত বিশ্বৰ সংবাদ মাধ্যমে এই খবৰ বিস্তৃতভাৱে প্ৰকাশ কৰিছে৷ বৃহস্পতিবাৰে গুজৰাট বিধানসভাত ঐতিহাসিক, অভিলেখসংখ্যক ১৫৬খন আসন লাভ কৰিলে৷
একেৰাহে সপ্তমবাৰৰ বাবে ৰাজ্যখনত বিজেপি জয়ী হোৱাৰ উপৰি ১৯৬০ চনত ৰাজ্যখন গঠন হোৱাৰ পৰা বিজেপিয়ে আটাইতকৈ বেছি আসন লাভ কৰিলে৷ দ্য ষ্ট্ৰেইটছ টাইম্ছ অব্ ছিংগাপুৰ, দ্য নিকেই এছিয়া, আল জাজিৰা, ইণ্ডিপেণ্ডেণ্ট, এ বি চি নিউজ আদিয়ে বিজেপিৰ বিজয় উৎসৱৰ ফটো প্ৰকাশ কৰিছে৷
িব্ৰটিছ সংবাদ মাধ্যম ‘দ্য গাৰ্ডিয়েন’ত লিখিছে যে ২০২৪ চনৰ সাধাৰণ নিবৰ্াচনৰ আগত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাৰতীয় জনতা পাৰ্টিক [বিজেপি] এক উল্লেখযোগ্য সমৃদ্ধি দিলে– যিটো হৈছে দলটোৰ দীৰ্ঘস্থায়ী জনপ্ৰিয়তাৰ চিন৷
১৯৯৫ চনৰ পৰা কিদৰেবিজেপি গুজৰাটৰ বিধানসভা নিবৰ্াচনত পৰাজিত হোৱা নাই, সেই কথা দেখুৱাই জাপানৰ ‘নিকেই এছিয়া’ই এই বিজয় গুজৰাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাৰ ফল বুলি কয়৷
ইউ কেৰ ‘দ্য ইণ্ডিপেণ্ডেণ্ট’-এ কয় যে গুজৰাটত অভিলেখ সৃষ্টিকাৰী বিজেপিৰ এই বিজয় ২০২৪ চনৰ সাধাৰণ নিবৰ্াচনৰ আগত বিজেপিৰ বাবে ডাঙৰ সহায়৷ ইফালে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক অজয় গুদাৱত¹য়ে আল জাজিৰাক কয় যে বিজেপিৰ এই বৃহৎ জয়ে দেখুৱাইছে যে হিন্দু ভোট একত্ৰিত হৈছে৷
Comments