গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ ডিচেম্বৰ ঃ জিলিকি জিলিকা তৰা আকাশৰে... দ্বীপেন বৰুৱাৰ কণ্ঠত এই চিৰসেউজ গীতটো প্ৰতিজন সংগীত অনুৰাগীৰে প্ৰিয় গীত৷ কিন্তু এই গীতটোকে নতুন প্ৰজন্মৰ শিল্পী জুবিন গাৰ্গে বিকৃত কৰিছে৷ বেজবৰুৱাৰ ৰিমেক কৰি ডক্তৰ বেজবৰুৱা-২ নামেৰে শেহতীয়াকৈ নিৰ্মাণ কৰা ছবিখনত জুবিনে ভুলকৈ পৰিৱেশন কৰিছে এই গীতটি৷
একপ্ৰকাৰে পংগু কৰিছে গীতটিক৷ যাক লৈ অসন্তুষ্ট হৈ পৰিছে শিল্পী দ্বীপেন বৰুৱা৷ বৰুৱাই এনে কাৰ্যত ক্ষোভ আৰু দুখত কয়– ‘মোৰ আজি দুখ লাগিছে, এইবাবে দুখ লাগিছে যে মোৰ গীতবোৰ কোবাই মেলি হাত-ভৰি ভঙাৰ দৰে কৰা হ’ল৷ আৱেগিক হৈ তেওঁ লগতে ক’লে– মৃত্যুৰ আগতে সেইবিলাক চাই যোৱাৰ ইচ্ছা নাছিল৷
কিন্তু উপায় নাই কি কৰিম৷ কাৰো অনুমতি নোলোৱাকৈ কৰিছে৷ আমাৰ ওচৰলৈ আহিলে আমি কৈ দিলোঁহেঁতেন এইটো এনেকৈ কৰিবা, তেনেকৈ কৰিবা৷’ প্ৰণিধানযোগ্য যে শিল্পী দ্বীপেন বৰুৱাই এই মন্তব্য কৰাৰ পাছতেই একাংশ জুবিন গাৰ্গৰ অনুৰাগীয়ে বৰুৱাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷
ছ’চিয়েল মিডিয়াত এচামে সমালোচনা কৰাৰ নামত নিকৃষ্ট মন্তব্য কৰিছে৷ কিন্তু শিল্পী বৰুৱাক এনেদৰে আক্ৰমণ কৰাসকলে নাজানে দ্বীপেন বৰুৱা প্ৰকৃততে কোন? শিষ্টাচাৰহীনভাৱে জুবিন গাৰ্গৰ লগত দ্বীপেন বৰুৱাৰ তুলনা কৰাসকলে জনা উচিত অসমীয়া সংগীত জগতৰ এটা ধ্ৰুৱতৰা হৈছে দ্বীপেন বৰুৱা৷
তেওঁক সমালোচনা কৰাসকলে জুবিন গাৰ্গকো সোধা উচিত কিয় জুবিনে জ্যেষ্ঠ শিল্পীজনৰ গীতটো বিকৃত কৰিলে? কিয় এই সন্দৰ্ভত বৰুৱাৰ অনুমতি লোৱা নহ’ল৷ অকালপক্ব কথা, শিষ্টাচাৰ নজনা জুবিন প্ৰেমী এইসকল নতুন প্ৰজন্মৰ বাবে আজি অসমৰ এই অৱস্থা হৈছে৷
প্ৰণিধানযোগ্য যে কালি নলবাৰীত এটা অনুষ্ঠানত দ্বীপেন বৰুৱাক একাংশ লোকে জুবিনে গোৱা গীতটো গাবলৈ অনুৰোধ কৰিছিল৷ তেতিয়াই ক্ষোভেৰে বৰুৱাই কৈছিল যে জিলিকি জিলিকা... কেনেকৈ জুবিনৰ নতুন গান হ’ল৷ আমাৰ গীতটোকে হয়তো অলপ কিবাকিবি কৰি ইউটিউবত এৰি দিছে৷ মোৰ বেয়া লাগিছে৷
ডক্তৰ বেজবৰুৱা নামৰ চিনেমাখনৰ বাবে এই গীতটো লিখিছিল ব্ৰজেন বৰুৱাই৷ গীতটোত কণ্ঠদান কৰিছিলোঁ মই৷ আনকি কি নাম দি মাতিম... গীতটোও মই গাইছিলোঁ৷ দুয়োটা গানেই মানুহৰ হৃদয় চুই গৈছিল৷ জুবিন গাৰ্গে গোৱা কিছুমান গীতৰ সুৰ আৰু কথা অশুদ্ধ৷
নিজৰ ইচ্ছা মতে গীতবোৰ কোবাই মেলি ভৰি-হাত ভাঙি দিছে৷ মৃত্যুৰ আগত এইবোৰ চোৱাৰ ইচ্ছা নাছিল৷ কিন্তু উপায় নাই৷ জুবিন গাৰ্গে গানটো ভুলকৈ গাইছে৷ শব্দ ভুল হৈছে৷ জুবিন গাৰ্গে গোৱা গীতৰ কথা-সুৰ অশুদ্ধ৷ জুবিনে অন্ততঃ এবাৰ মোক ক’ব পাৰিলেহেঁতেন আপোনাৰ গান এনেদৰে গাব খুজিছোঁ বুলি৷
এলি আহমেদে লিখা গীত এটাটো শব্দ- কথা ভুলকৈ গাইছে জুবিনে৷ এনেবোৰ ভুল হ’লে গীতিকাৰক অশ্ৰদ্ধা কৰাৰ নিচিনা হয়৷ আমাৰ অনুমতি নোলোৱাকৈ তেওঁ এইবোৰ কৰিছে৷ আমাৰ ঘৰলৈ আহিলে বুজাই দিলোঁহেঁতেন কেনেকৈ কৰিব লাগে৷ কিন্তু সেই সৌজন্যখিনি তেওঁ নাজানিলে৷ জীয়াই থাকোঁতেই অশুদ্ধকৈ গান শুনিলে বৰ বেয়া লাগে৷
ভৱিষ্যতে শুদ্ধকৈ গীত পৰিৱেশন কৰিবলৈ জুবিনক আহবান জনালোঁ৷’ উল্লেখযাগ্য যে ১৯৬৯ চনত মুক্তিলাভ কৰিছিল ডক্তৰ বেজবৰুৱা নামৰ অসমীয়া ছবিখনৰ এটা জনপ্ৰিয় গীত জিলিকি জিলিকা তৰা আকাশৰে৷ ৰমেন বৰুৱাই সংগীত পৰিচালনা কৰা ছবিখনৰ গীতত কণ্ঠদান কৰিছিল দ্বীপেন বৰুৱাই৷ দ্বীপেন বৰুৱাই এই ছবিখনৰ জৰিয়তে সংগীত জগতত প্ৰৱেশ কৰিছিল৷
Comments