গুৱাহাটী, ১০ ডিচেম্বৰঃ টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে ৪৪ বিলিয়ন ডলাৰত টুইটাৰ অধিগ্ৰহণ কৰাৰ পিছত, তেওঁ একেৰাহে আচৰিত পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰথমে, তেওঁ হাজাৰ হাজাৰ কৰ্মচাৰীক এটা বৰ্খাস্ত কৰাৰ পিছত এটা ই-মেইল বাৰ্তা জাৰী কৰি কৈছে যে কাৰ্যালয়লৈ সকলো কৰ্মচাৰী পুনৰ ঘূৰি আহিব লাগে। কৰ্মচাৰীসকলক এনেদৰে বৰ্খাস্ত কৰাৰ বাবে তেওঁক সমগ্ৰ বিশ্বতে সমালোচনা কৰা হৈছিল। তেওঁ কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰা ই-মেইলত কৈছে যে অনাগত সময়ত আমি টুইটাৰ ২.০ কৰিব লাগিব। শেহতীয়াকৈ ইলনে আন এটা আচৰিত টুইট কৰিছে।
তেওঁ শেহতীয়া টুইটত কৈছে যে, "টুইটাৰে শীঘ্ৰেই ১.৫ বিলিয়ন (১৫০ কোটি) টুইটাৰ একাউণ্ট বিলোপ কৰিব। কোম্পানীৰ এই পদক্ষেপৰ সৈতে, ১৫০ কোটি একাউণ্টৰ নাম টুইটাৰৰ পৰা খালী হ'ব। কোম্পানীৰ এই প্ৰক্ৰিয়াৰ অধীনত, এনে একাউণ্ট বিলোপ কৰা হ'ব, যাৰ পৰা কোনো টুইট কৰা হোৱা নাই অথবা যিবোক বহু বছৰ ধৰি লগ ইন কৰা হোৱা নাই।
Comments