Cartoon
View Older
গুৱাহাটী, ১০ ডিচেম্বৰঃঅস্ত্ৰধাৰী দুৰ্বৃত্তৰ দপদপনিত এতিয়া চৰম নিৰাপত্তাহীনতাত ভুগিছে মহানগৰবাসী।
ৰাতিৰ কথা বাদেই দিনৰ পোহৰতো এতিয়া অস্ত্ৰধাৰী দুৰ্বৃত্তই চলাইছে সন্ত্ৰাস।
পুনৰ গুৱাহাটীৰ মাজমজিয়াত পিষ্টল দেখুৱাই দুৰ্বৃত্তই মহিলাৰ পৰা কাঢ়ি নিলে সোণৰ চেইন।
গুৱাহাটীৰ ৰাজগড়, কমাৰ্চ পইণ্টৰ কাষতে সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে এখন মটৰ চাইকেলত অহা দুৰ্বৃত্তই পদপথেৰে গৈ থকা এগৰাকী মহিলাক পিষ্টল দেখুৱাই তেওঁ পৰিধাণ কৰি থকা সোণৰ চেইন কাঢ়ি লৈ যায়।
ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে চানমাৰি আৰক্ষীক অৱগত কৰিছে।
Comments