গুৱাহাটী, ১০ ডিচেম্বৰঃআহি আছে ভয়ংকৰ ঘূৰ্ণীবতাহ মাণ্ডাছ।বংগোপসাগৰৰ ওপৰত প্ৰচণ্ড গতিত বলিছে মাণ্ডাছ ঘূৰ্ণীবতাহ।ভয়ংকৰ ঘূৰ্ণীবতাহ মাণ্ডাছক লৈ তামিলনাডুত হাই এলাৰ্ট জাৰি কৰা হৈছে।মাণ্ডাছ বা-মাৰলি আজি মাজনিশা চেন্নাইৰ উপকূলৰ ওচৰেদি পাৰ হোৱাৰ পাছত তামিলনাড়ু, পুডুচেৰী আৰু প্ৰতিৱেশী ৰাজ্যত হ'ব পৰা প্ৰবল বৰষুণৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে।
মাণ্ডাছ বা মাৰলিয়ে ৬৫-৭৫ কিল'মিটাৰ বেগত আজি মাজৰাতি তথা পুৱতি নিশাৰ মাজত চেন্নাইৰ সমীপৰ মামালপুৰম পাৰ হ'ব।ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া প্রবল বৰষুণৰ আগজাননীৰ পৰিপ্ৰেক্ষিতত থিৰুৱাল্লুৰ, চেংগাল পাটু, ভেল্লোৰ, ৰাণীপেট্টাই আৰু কাঞ্চীপুৰমকে ধৰি ১২খন জিলাৰ বিদ্যালয়-মহাবিদ্যালয় বন্ধ ঘোষণা কৰিছে।
চেন্নাইত সকলো উদ্যান, খেলপথাৰ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।উপকূল অঞ্চলত সকলো দোকান বন্ধ ৰখাৰ উপৰি সকলোকে উপকূললৈ নাযাবলৈ কোৱা হৈছে। মাছমৰীয়াসকলক তিনিদিনৰ বাবে সাগৰলৈ নাযাবলৈ নিৰ্দেশ দিয়া হৈছে।ৰাজ্যখনত ৫,০৩৯টা সাহায্য কেন্দ্ৰ আৰু ১২১ টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে।
Comments