গুৱাহাটী, ১০ ডিচেম্বৰঃ স্বামী আৰু পত্নীৰ মাজৰ কাজিয়া কোনো নতুন কথা নহয়, এনে ধৰণৰ ঘটনা প্ৰায়ে চৰ্চালৈ আহিয়ে থাকে, কিন্তু এই কাজিয়াবোৰ কেতিয়াবা বহু বেছি বিষম হৈ পৰে আৰু ভয়ানক ৰূপ লয়। ঠিক তেনে এক ঘটনা শেহতীয়াকৈ সংঘটিত হৈছে, য'ত স্বামী-স্ত্ৰীৰ মাজত আলু পৰঠাৰ বাবে হোৱা কাজিয়া ইমানে বেছি ভয়ানক হৈ পৰে যে শেষত স্বামীৰ মৃত্যু হয়। প্ৰকৃততে, এই ঘটনাটো উত্তৰ প্ৰদেশৰ আলিগড়ৰ। সূত্ৰযোগে জানিব পোৱা অনুসৰি, স্বামীৰ নাম লক্ষ্মণ, তেওঁ ৭ বছৰ আগতে বুলন্দচহৰৰ এজনী ছোৱালীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। ইপিনে, কেইদিনমান আগৰ ঘটনা, লক্ষ্মণে তেওঁৰ পত্নীক আলু পৰঠা বনাবলৈ কৈছিল, তাৰ পিছত পত্নীৰ খং উঠি দুয়োৰে মাজত কাজিয়া লাগি লক্ষ্মণে ঘৰ এৰি ওলাই আহে। পৰৱৰ্তী সময়ত স্বামীৰ মৃতদেহ চিভিল লাইন এলেকাৰ ৰেলপথত উদ্ধাৰ হয়।
মৃতদেহটো উদ্ধাৰ হোৱাৰ লগে লগে আলোড়নৰ সৃষ্টি হয়। লক্ষ্মণৰ আত্মীয়ই ততাতৈয়াকৈ পত্নীক আৰক্ষীৰ হাতত গতাই দিয়ে আৰু অভিযোগ কৰে যে পত্নীয়ে তেওঁৰ ভায়েকৰ সৈতে স্বামীক হত্যা কৰিছে। আত্মীয়ৰ লোকে পত্নী আৰু তেওঁৰ ভায়েকৰ মাজত অবৈধ সম্পৰ্কৰ অভিযোগ উত্থাপন কৰে।
আনহাতে, আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। বৰ্তমান, গোচৰটোৰ তদন্তও আৰম্ভ হৈছে। আত্মীয়সকলে আৰু কৈছে যে, "বৃহস্পতিবাৰে নিশা স্বামীয়ে তেওঁৰ পত্নীক নিশাৰ আহাৰৰ বাবে আলু পৰঠা বনাই দিব কৈছিল। তেতিয়া পত্নীৰ খং উঠাত স্বামীক গালি-গালাজ পাৰিবলৈ আৰম্ভ কৰে আৰু পিছত স্বামী বাহিৰলৈ ওলাই যায় য'ত তেওঁক হত্যা কৰা হয়।"
Comments