Cartoon
View Older
গুৱাহাটী: ৭ ডিচেম্বৰ: গুৱাহাটীৰ খানাপাৰাস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান (SIPRD)-ৰ সভাকক্ষত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নতুনকৈ পদ্দোন্নতি লাভ কৰা খণ্ড উন্নয়ন বিষয়া সকলৰ বাবে এক পোন্ধৰদিনীয়া প্ৰাৰম্ভিক প্ৰশিক্ষণ আৰম্ভ হৈছে ৷
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ড° জে.বি. এক্কাই আনুষ্ঠানিক শুভাৰম্ভ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব তথা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক মুনিন্দ্ৰ শৰ্মা, ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ যুটীয়া সঞ্চালক(প্ৰশিক্ষণ) পৱিত্ৰ কলিতাকে প্ৰমুখ্যে কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ উচ্চ পদস্থ বিষয়া সকল উপস্থিত আছিল।
Comments