গুৱাহাটী,৭ ডিচেম্বৰ: উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান অনুপ্ৰেৰণাই পোন প্ৰথমবাৰৰ বাবে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ উপেন্দ্ৰ বৰকটকীলৈ আগবঢ়াইছে "সাহিত্যচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সোঁৱৰণী বঁটা-২০২২"। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি মংগলবাৰে ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ত বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ।
প্ৰতি বছৰে ৬ ডিচেম্বৰ তাৰিখে অসমৰ একোজনকৈ সাহিত্যিক, শিক্ষাবিদ সমাজ সেৱক সকলক নগাঁও মহাবিদ্যালয়ত অনুপ্ৰেৰণাৰ ফালৰ পৰা যজ্ঞেশ্বৰ শৰ্মা বঁটা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে অনুপ্ৰেৰণাৰ সম্পাদক দীপজ্যোতি শইকীয়াই । বঁটা প্ৰদান অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে উপস্থিত থাকে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ বৰকটকী আৰু মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীও ।
Comments