গুৱাহাটী, ৭ ডিচেম্বৰঃআপৰ দখলত দিল্লী পৌৰ নিগম।আম আদমী পাৰ্টীয়ে দিল্লী পৌৰ নিগমৰ (এমচিডি) নিৰ্বাচনত জয়লাভ কৰিছে।দিল্লীবাসীৰ হৃদয় জয় কৰি পৌৰসভা নিৰ্বাচনত মূল লক্ষ্যতকৈ অধিক আসম জয় কৰিছে আপে।দলটোৱে এতিয়ালৈকে মুঠ ২৫০ খন আসনৰ ভিতৰত ১৩৪ খন আসনত জয়লাভ কৰিছে।
একক সংখ্যাগৰিষ্ঠতা পাবৰ বাবে মুঠ আসন লাগিছিল ১২৬ খন, পাছে আপে সহজে ১৩৪ খন আসন লাভ কৰে।তাৰ বিপৰীতে বিজেপিয়ে ১০৪ খন আসন আৰু কংগ্ৰেছে ৯ খন আসন লাভ কৰিছে। নিৰ্দলীয়ই ৩ খন আসন জিকিছে।২৫০ খন এমচিডি আসনৰ বাবে ৪ ডিচেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।
২৫০ টা ৱাৰ্ডত মুঠ ১৩৪৯ জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। এতিয়া দিল্লীৰ পৌৰ নিগমৰ বিজয়ী কাউঞ্চিলৰসকলে মেয়ৰ নিৰ্বাচন কৰিব।উল্লেখযোগ্য যে,১৫ বছৰ ধৰি বিজেপিৰ দখলত আছিল দিল্লী পৌৰ নিগম।কিন্তু এইবাৰ একক সংখ্যাগৰিষ্ঠাতাৰে পৌৰ নিগম দখল কৰিবলৈ সক্ষম হৈছে কেজৰিৱাল।
Comments