Cartoon
View Older
গুৱাহাটী,৭ ডিচেম্বৰ:ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছে মঙলবাৰে ইংলেণ্ডৰ লুটনত গুৰুদ্বাৰ উদ্বোধন কৰিলে । গুৰুদ্বাৰ উদ্বোধন কৰি তেওঁ শিখ সম্প্ৰদায়ৰ নেতা, স্বেচ্ছাসেৱক আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে এক সুস্থ আদান-প্ৰদান কৰে। শিখ ধৰ্মাৱলম্বীৰ বিভিন্ন শ্লোগানেৰে আদৰণি জনোৱা হয় ৭৪ বছৰীয়া ৰজাগৰাকীক। গুৰদ্বাৰত তেওঁক আদৰণি জনায় স্থানীয় শিখ মণ্ডলীৰ সদস্য তথা বেডফোৰ্ডশ্বাইৰ বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ হেল্থ ৰিচাৰ্চৰ সঞ্চালক ভাৰতীয় মূলৰ অধ্যাপক গুৰ্চ ৰান্ধৱাই ।
শিখ পৰম্পৰাক সন্মান জনাই ৰজা চাৰ্লছে মূৰটো ৰুমালে ঢাকি গুৰুদ্বাৰত প্ৰাৰ্থনা কৰিলে আৰু লগতে লংগৰ গ্ৰহণ কৰিলে ।
Comments