মৰিগাঁও,৭ ডিচেম্বৰ: বদৰুদ্দিন আজমলে ক্ষমা খুজিলেই নহব,আজমলৰ মানসিকতাৰ পৰিৱৰ্তন হব লাগিব এই মন্তব্য তথ্য আৰু জনসংযোগ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ। কাইলৈ মৰিগাঁও চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন হবলগীয়া বঘৰা চিকিৎসা মহাবিদ্যালয় স্থলীৰ অগ্ৰগতি বুজ লৈ মন্ত্ৰী হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় হিন্দু সম্প্ৰদায়ৰ লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আপত্তি জনক মন্তব্য কৰা ইমান ডাঙৰ ইচ্ছ্যু এটা এনেকৈ শেষ হৈ নাযায়।
ইফালে ৰাজ্যৰ বিভিন্ন ঠাইত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হোৱা সন্দৰ্ভ মন্তব্য প্ৰকাশ কৰি মন্ত্ৰী হাজৰিকাই কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চিন্তা হৈছে ক্ষমতা গাঁৱলৈ নিয়া। মন্ত্ৰী সকলক গাঁৱলৈকে লৈ যাব লাগে। আজি ডেৰ বছৰত যিমান ঘূৰিছো বিগত ৫ বছৰতো সিমান ঘূৰা নাছিলোঁ। ইয়াৰ মূল কাৰণটো হৈছে চৰকাৰ খনক ৰাইজৰ মাজলৈ নিয়া। মানুহৰ সমস্যা বিষয়ে জানি বুজি কাম কৰিবলৈকে এই প্ৰয়াস কৰি থকা হৈছে বুলি উল্লেখ কৰে।
আনহাতে কাইলৈ মৰিগাঁওবাসীৰ বাবে এটা ডাঙৰ দিন। মৰিগাঁওবাসীৰ এটা দীৰ্ঘদিনীয়া সপোন কাইলৈ দিঠকত পৰিণত হ'বলৈ গৈ আছে। মই নিজেও মৰিগাঁওবাসীৰ এজন হিচাপে অত্যন্ত সুখী বুলি উল্লেখ কৰি কয় প্ৰায় এক হাজাৰ কোটি টকা কাম মুখ্যমন্ত্ৰীয়ে মৰিগাঁওবাসীৰ বাবে উচৰ্গা কৰিব। জাগীভকত গাঁৱৰ দলং খনৰো আধাৰশিলা স্থাপন কৰা হব। এই দলংখন কাৰিকৰী অসুবিধাৰ বাবে কাম হোৱা নাছিল। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ জৰিয়তে ৭৫ কোটি টকাৰ অনুমোদন কৰাই কাইলৈ এই দলংখনৰো আধাৰশিলা স্থাপন কৰিব। লগতে জলসম্পদ বিভাগ,আই টি আই,পলিটেকনিকে ধৰি ১১ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব বুলি অৱগত কৰে।
উল্লেখ্য যে মন্ত্ৰী গৰাকীয়ে আধাৰশিলাৰ স্থাপন হবলগীয়া মৰিগাঁও চিকিৎসা মহাবিদ্যালয় স্থলী বুজ লোৱা সময়ত বিধায়ক ৰমাকান্ত দেউৰী,উপায়ুক্ত দেৱাশীষ শৰ্মা,আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসকে আদি কৰি জিলা প্ৰশাসনৰ মূৰব্বী বিষয়া সকলৰ লগতে জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধীকে ধৰি বহু সংখ্যক দলীয় নেতা কৰ্মীয়ে অংশগ্ৰহন কৰে।
Comments