লাহোৱাল:,৭ডিচেম্বৰ: কানৈ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অৱসৰ প্ৰাপ্ত মুৰব্বী তথা সহযোগী প্ৰাধ্যাপক তথা ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী ড° ভাৰতী দত্ত লৈ সাহিত্যিক পেঞ্চন প্ৰদান কৰা কথা ঘোষণা কৰিছে।ডিব্ৰুগড়ৰ চিৰিংচাপৰি নিৰ্বাসী ড° ভাৰতী দত্তই অসমীয়া সাহিত্যৰ জগতলৈ গল্প সংকলন, প্ৰবন্ধ সংকলন, ভ্ৰমন কাহিনী,কবিতাসংকলন, আত্মজীৱনীমূলক,পৰিৱেশ সম্পৰ্কীয় আৰু ভূগোল বিষয়ক গ্ৰন্থ সহ মুঠ ২১খন গ্ৰন্থ ৰচনা কৰি সাহিত্য ক্ষেত্ৰ খনলৈ অবদান আগঢ়াই আছে ।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিষয়ৰ স্বীকৃতি প্ৰাপ্ত গৱেষণাৰ তত্ত্বাৱধায়ক ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰত গৱেষণা পত্ৰ উপস্থাপন , ৰাষ্ট্ৰীয় অাৰু আন্ত:ৰষ্ট্ৰীয় জাৰ্ণেলত গৱেষণা পত্ৰ প্ৰকাশ পাইছে।আনহাতে আঠ শতাধিক ৰচনা বিভিন্ন কাকত - আলোচনীত প্ৰকাশ পাইছে।
তদুপৰি ৩৬খনৰঅধিক গ্ৰন্থ তথা আলোচনী সম্পাদনা কৰিছে।তেওঁ শংকৰদেৱ শিশু নিকেতনৰ পৰিচালনা সমিতিৰ উপসভাপতি,কানে আইন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য, পাৰিজাতএকাডেমি বি .এড কলেজৰ পৰিচালনাসমিতিৰ প্ৰাক্তন সভাপতি, শ্ৰীসত্যসাই প্ৰশান্তি ডিভাইন ভেলী স্কুলৰ পৰিচালনা সমিতিৰ সদস্য,সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় উপসভানেত্ৰী,ডিব্ৰুগড় মহিলা সাহিত্য কাননৰ উপ সভানেত্ৰী,ডিব্ৰুগড় বিজ্ঞান সমিতিৰ উপসভানেত্ৰী,মঞ্চৰূপা অনুষ্ঠানৰ প্ৰাক্তন সভানেত্ৰী ,অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ অৱৰক্ষণ সমিতিৰ উপসভানেত্ৰী, আদিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সৈতে জড়িত আছে।
ভাৰতী দত্ত লৈ ২০১৩ চনত অইল ইণ্ডিয়া লিমিটেডে আগবঢ়ায় শিক্ষা ৰত্ন পুৰস্কাৰ। বিভিন্ন ক্ষেত্ৰত আঁগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে এই পুৰস্কাৰতেওঁক দিয়া হয়।: উত্তৰ লখীমপুৰৰ নতুন সুৰ প্ৰকাশন পৰিষদে প্ৰদান কৰে সাহিত্য জ্যোতি বঁটা, দুখন প্ৰবন্ধ সংকলনৰ বাবে লাভ কৰে দুবাৰকৈ শ্ৰেষ্ঠ প্ৰবন্ধ সংকলনৰ স্বৰ্ণলতা হাজৰিকা সোঁৱৰণী বঁটা, অনুবাদ গল্পত লাভ কৰে পুষ্পলতা বৰঠাকুৰ সোঁৱৰণী বঁটা, নিষ্পেষিতৰ বেদনা গল্প সংকলনৰ বাবে লাভ কৰে ২০২০ চনত সাবিত্ৰী বৰগোহাঁই সোৱৰণী বঁটা,আদিকে ধৰি বিভিন্ন বঁটা আৰু পুৰস্কাৰ লাভ কৰি এগৰাকী প্ৰতিষ্ঠিত সাহিত্যিক হিচাপে পৰিচিত লাভ কৰিছে।ভাৰতী দত্তলৈ সাহিত্যিক পেঞ্চন আগবঢ়োৱাত ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি ড° শশীকান্ত শইকীয়া,উপ সভাপতি বিভাস দুৱৰা, সম্পাদক ৰাতুল বুঢ়াগোহাঁই, ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন সহ বিভিন্ন জনে শুভেচ্ছা জ্ঞাপন কৰিছে।
Comments