সোণাৰি , ৭ ডিচেম্বৰ: অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা, আইন আৰু ন্যায়, সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি চৰাইদেউ জিলাত উপস্থিত হৈ চৰাইদেউ জিলাৰ বানফেৰাত জিলা পঞ্চায়ত সমল কেন্দ্ৰৰ প্ৰশাসনিক ভৱন তথা প্ৰশিক্ষাৰ্থীৰ আৱাস গৃহৰ আধাৰশিলা স্থাপন কৰে।
সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ উপস্থিতিত আধাৰশিলা স্থাপন অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে তেওঁৰ বক্তব্যত কয় যে, পূৰ্বৰ দৰে বৰ্তমানে কেৱল আধাৰশিলা স্থাপনতে আঁচনি বা প্ৰকল্পৰ কাম সীমাবদ্ধ নাথাকে, বৰঞ্চ, বৰ্তমানে শিলান্যাসৰ লগে লগে আঁচনিৰ কামৰো প্ৰকৃতাৰ্থত শুভাৰম্ভ হৈ যায়।
তেওঁ কয় যে, বৰ্তমানে চৰকাৰে গ্ৰহণ কৰা প্রতিটো প্ৰচেষ্টা আৰু পদক্ষেপৰ সুফল সমাজৰ প্ৰতিটো স্তৰতে সুস্পষ্টভাৱে পৰিলক্ষিত হৈ আছে। নিজ বক্তব্যত তেওঁ উল্লেখ কৰে যে, বিগত পাঁচ বছৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৪,৬০,০০০ টা ঘৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা হৈছিল আৰু যোৱা ১৯ মাহৰ ভিতৰত প্ৰায় ৩ লাখ ঘৰ সম্পূৰ্ণ কৰা হৈছে। এয়া কৰ্ম সংস্কৃতিৰ পৰিবেশ উন্নীতকৰণৰ বাবে সম্ভৱপৰ হৈছে বুলি তেওঁ মন্তব্য কৰে।
সভাত অংশগ্ৰহণ কৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয় যে, জিলা পঞ্চায়ত সমল কেন্দ্ৰৰ প্ৰশাসনিক ভৱন তথা প্ৰশিক্ষাৰ্থীৰ আৱাসগৃহৰ কাম সম্পূৰ্ণ হ'লে জিলাখনৰ শিল্পীসকলৰ বহুদিনীয়া অভাৱ পূৰণ হ'ব আৰু তেওঁলোকে ইয়াত প্ৰশিক্ষণ লাভ কৰি পূৰ্বতকৈ অধিক আর্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিব। তেওঁ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আঁচনিসমূহৰ সফল ৰূপায়ণৰ জৰিয়তে তথা বিভাগীয় সহযোগিতাৰ দ্বাৰা জিলাখনৰ পঞ্চায়ত সমূহক অধিক সমৃদ্ধ কৰি তোলা সম্ভৱ হ'ব বুলি কয়।
সভাত আদৰণি ভাষণ প্ৰদান কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব তথা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক মুনীন্দ্ৰ শৰ্মাই বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা আঁচনিসমুহ যেনে- অমৃত সৰোবৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা, এমজিএনৰেগা, পঞ্চাদশ বিত্তীয় আয়োগৰ অধীনস্থ আঁচনিসমূহ, এছ অ' পি ডি আদিৰ বিষয়ে এক চমু অবলোকন আগবঢ়ায়।
সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিদিত দাস, জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, সমাজকৰ্মী লক্ষীনাথ তাছা, খণ্ড উন্নয়ন বিষয়াসকল, জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদৰ বিষয়-ববীয়া আৰু ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।
ইয়াৰ পিছত মন্ত্ৰী গৰাকীয়ে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত মন্ত্ৰী গৰাকীয়ে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি যেনে প্ৰধানমন্ত্ৰী আৱাস যোজনা, ধান ক্ৰয় কেন্দ্ৰৰ জৰিয়তে ধান ক্ৰয় আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ আঁচনিসমূহৰ গুণগত মানদণ্ড বজাই ৰাখি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আঁচনিৰ কাম সম্পূৰ্ণ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ কৰ্ম সংস্কৃতি তৰান্বিত কৰিলেহে ৰাজ্যৰ উন্নতি সম্ভৱ হ'ব বুলি মন্তব্য কৰে।
বৈঠকত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, উপায়ুক্ত পল বৰুৱা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিব তথা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ সঞ্চালক মুনীন্দ্ৰ শৰ্মা, জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া বিদিত দাস, অতিৰিক্ত উপায়ুক্ত দ্বয় জাবেদ আৰমান আৰু অভিজিত গগৈ, সোণাৰিৰ ৰাজহ চক্ৰ বিষয়া চৈতালী ৰাণী দত্ত, সহকাৰী আয়ুক্তসকল ক্ৰমে সমুজ্জ্বল বড়া, জাহ্নৱী গোস্বামী, সুপ্ৰভা ৰয়, নিৰ্বাচনী বিষয়া নিবেদিতা বৰঠাকুৰ, খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, জিলা পৰিষদ, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, কৃষি আদি বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।
Comments