গুৱাহাটী,১৫ বছৰীয়া বিজেপি শাসনৰ অন্ত পেলাই অৱশেষত দিল্লী পৌৰ নিগম নিৰ্বাচনত বিজয় ধ্বজা উৰুৱালে আম আদমি পাৰ্টীয়ে । নিৰ্বাচনত বিজেপিক পৰাস্ত কৰি পৌৰ নিগম আপ দলে নিজৰ হাতলৈ নিলে । ইফালে দিল্লীৰ ৰাজনীতিত আন এক ইতিহাস ৰচনা হ'ল ।
দিল্লীৰ ৰাজনীতিত প্ৰৱেশ কৰা প্ৰথমগৰাকী তৃতীয় লিংগৰ ব্যক্তিয়েও এই নিৰ্বাচনত জয়ী হ'বলৈ সক্ষম হ'ল । আম আদমি পাৰ্টীৰ প্ৰথম তৃতীয় লিংগৰ প্ৰাৰ্থী ববি কিন্নৰে পৌৰ নিৰ্বাচনত বিজয়ী হ'বলৈ সক্ষম হয় । তেওঁ দিল্লী পৌৰ নিগম নিৰ্বাচনত জয়ী হোৱা প্ৰথমগৰাকী তৃতীয় লিংগৰ ব্যক্তি । ৩৮ বছৰীয়া ববি কিন্নৰ হিন্দু যুৱ সমাজ একতা আৱাম সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ দিল্লী গোটৰ সভাপতিও । আন্না হাজাৰেৰ আন্দোলনৰ সময়ত ববিয়ে যথেষ্ট সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ।
উল্লেখ্য যে দিল্লীৰ ৰাজনীতিত প্ৰৱেশ কৰা ববি হৈছে প্ৰথমগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থী । আম আদমি পাৰ্টীয়ে ৰাজনীতিৰ জৰিয়তে সামাজিক সেৱা কৰাৰো সুযোগ দিছে । ববি কিন্নৰক এছচি মহিলাসকলৰ বাবে সংৰক্ষিত আসনত ৪৩ নং চুলতানপুৰী-A ৱাৰ্ডৰ পৰা টিকট দিয়া হৈছিল । আম আদমি পাৰ্টী পৌৰ নিগম নিৰ্বাচনত তৃতীয় লিংগৰ ব্যক্তিক টিকট দিয়া প্ৰথমটো দল । ববি কিন্নৰে ২০১৭ চনতো নিৰ্দলীয় প্ৰাৰ্থী হিচাপে পৌৰ নিগম নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ।
Comments