Cartoon
View Older
তিনিচুকীয়া, ৭ ডিচেম্বৰ: তিনিচুকীয়া জিলাৰ টিপুকত ডকাইতৰ আক্ৰমণত মহিলা নিহত হোৱাৰ ঘটনাৰ বাবে চাঞ্চল্যৰ সৃষ্টি হৈছে। ডুমডুমা আৰক্ষী থানা তথা তালাপ আৰক্ষী চকীৰ অধীনস্থ টিপুক জলকীয়া বস্তিৰ অশোক সিং নামৰ ব্যৱসায়ী জনৰ ঘৰত ডকাইতৰ এটা দলে লুটপাত কৰে। ডকাইতে অশোক সিঙৰ পত্নী মঞ্জু সিঙ(৪৫)ক আক্ৰমণ কৰাত তেওঁ থিতাতে নিহত হয়।
ডকাইতি কৰাৰ সময়ত ঘৰত অন্য লোক নাছিল বুলিও উল্লেখ। ঘটনাটোক লৈ টিপুক অঞ্চলত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মঞ্জু সিঙৰ মৃতদেহ থৈ উত্তাল প্ৰতিবাদ কৰাত ৰাষ্ট্ৰীয় ঘাইপথ কিছু সময় বন্ধ হৈ পৰে । ফলত যাতায়াত ৰুদ্ধ হৈ পৰে। ডুমডুমা প্ৰশাসন আৰু আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
Comments