দুলীয়াজান, ৭ ডিচেম্বৰঃ এক উখল মাখল পৰিৱেশৰ মাজেৰে আজিৰে পৰা দুলীয়াজানৰ ভাদৈ পাঁচআলিত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ আতিথ্যত অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। ভাদৈ হাইস্কুল খেল পথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে পাঁচ দিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাৰ আজি প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্তই।
ইয়াৰ পিছতে ধৰ্মধ্বজা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি বিষেশ্বৰ গগৈয়ে আৰু শ্বহীদ তৰ্পণ কৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈয়ে। ইয়াৰ পিছতে মূল তোৰণ উন্মোচন কৰে আছুৰ সাংস্কৃতিক সম্পাদক তচেন ডেকাই, ভাওনা সমাৰোহৰ ক্ষেত্ৰ উদ্বোধন কৰে কাৰ্যনিৰ্বাহক অনিল গগৈয়ে আৰু প্ৰদৰ্শনী, বাণিজ্য আৰু গ্ৰন্থমেলা উন্মোচন কৰে ভাদৈ হাইস্কুলৰ প্ৰধান শিক্ষক গোপাল বৰগোহাঁয়ে। বিয়লি শিক্ষাবিদ সুখেশ্বৰ চেতিয়া আৰু ২ নং কঠালগুৰি গাঁৱৰ বয়োজ্যেষ্ঠ নাগৰিক ধনীৰাম সোণোৱালে বন্তি প্ৰজ্বলন কৰে। সন্ধিয়ালৈ অনুষ্ঠিত ভাওনা সমাৰোহৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, বিশিষ্ট অতিথি হিচাপে দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোকবিকাশ গগৈ উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।
অইলৰ জন পৰিক্ৰমা বিভাগৰ মহা প্ৰবন্ধক দেৱাশীষ বৰাই উদ্ধোধন কৰা ভাওনা প্ৰতিযোগিতাত আমন্ত্ৰিত অতিথি হিচাপে আছুৰ সাংস্কৃতিক সম্পাদক তচেন ডেকা, কাৰ্যনিৰ্বাহক অনিল গগৈ, শিক্ষাবিদ গুণীন্দ্ৰ নাথ ফুকন, অজিত বড়া আদিৰ লগতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে। সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথম নাট শিৱসাগৰৰ দলে ভাগৱত মাহাত্ম্য, গোকৰ্ণ ধন্দুকাৰী আখ্যান আৰু দ্বিতীয় খন নাট তিনিচুকীয়াৰ দলে বেন উপাখ্যান, পৃথু অৱতাৰ পৰিৱেশন কৰে।
Comments