নতুন দিল্লী, ৭ ডিচেম্বৰ ঃ দিল্লী পৌৰ নিগমৰ [এম চি ডি] নিৰ্বাচনত আজি আম আদমি পাৰ্টিয়ে [আপ] বিপুল ভোটত জয়লাভ কৰে৷ ২৫০টা ৱাৰ্ডৰ ভিতৰত আপে ১৩৪টা ৱাৰ্ডত জয়লাভ কৰে আৰু সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন হোৱা আসনতকৈ আঠখন আসন বেছিকৈ লাভ কৰে৷
বিজেপিয়ে জয়লাভ কৰে ১০৪টা ৱাৰ্ডত আৰু কংগ্ৰেছে জয়লাভ কৰে মাত্ৰ জ্ঝটা ৱাৰ্ডত৷ ইয়াৰ লগে লগে এম চি ডিত বিজেপিৰ ১৫ বছৰীয়া শাসনৰ অন্ত পৰিল৷ উল্লেখযোগ্য যে যদিও দিল্লীত ২৪ বছৰ বিজেপিৰ চৰকাৰ নাই, এম চি ডি ১৫ বছৰ বিজেপিৰ শাসনত আছিল৷
২০১৫ চনত দিল্লীৰ নিৰ্বাচনত ৭০খন আসনৰ ভিতৰত আপে ৬৭খন আসনত জয়লাভ কৰা সত্ত্বেও দুবছৰৰ পাছত বিজেপিয়ে এম চি ডিৰ নিৰ্বাচনত জয়লাভ কৰিছিল৷ আজি ভোট গণনা চলি থকাৰ সময়ত আপৰ অগ্ৰগতি হোৱাৰ লগে লগে দলটোৰ কাৰ্যালয় আৰু কৰ্মীসকলৰ মাজত উল্লাস দেখিবলৈ পোৱা হয়৷
নিৰ্বাচনত বিপুল জয়ৰ পাছত আপৰ ৰাষ্ট্ৰীয় আহবায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দলৰ কৰ্মীসকলক সম্বোধন কৰি ভাষণ দিয়ে৷ তেওঁ কয় যে তেওঁক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ আৰু কেন্দ্ৰৰ সহযোগিতাৰ প্ৰয়োজন৷ উল্লেখযোগ্য যে এম চি ডিৰ নিৰ্বাচনত আপৰ জয়ে ৰাজধানীখনত প্ৰথমবাৰৰ বাবে ‘ডবল ইঞ্জিন’ চৰকাৰ দিলে৷
২০১৫ চনৰ পৰা আপ দিল্লীত ক্ষমতাত আছে৷ কেন্দ্ৰত থকা বিজেপিৰ চৰকাৰ, দিল্লীৰ উপ-ৰাজ্যপাল আৰু দিল্লী পৌৰ নিগমৰ যোগেদি প্ৰতিটো কথাতে আপক বাধা দিয়া বুলি আপে বিজেপিক অভিযুক্ত কৰে৷ কেজৰিৱালে কয়, ‘আমাক কেন্দ্ৰীয় চৰকাৰৰ সহায় লাগে৷
আমাক প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰৰ আশীৰ্বাদ লাগে৷’ তেওঁ কয় যে এই নিৰ্বাচনে দিয়া ডাঙৰ বাৰ্তাটো হ’ল যে জনসাধাৰণে গঠনমূলক ৰাজনীতি বিচাৰে, নেতিবাচক কথা নিবিচাৰে৷ কেজৰিৱালে কয়, ‘মই সকলো দল আৰু প্ৰাৰ্থীক আহ্বান জনাওঁ– এতিয়ালৈকে আমি ৰাজনীতিত লিপ্ত আছিলোঁ৷
এতিয়া আমি একেলগে কাম কৰিব লাগিব৷ আমাক বিজেপি আৰু কংগ্ৰেছৰ সহযোগিতাৰ প্ৰয়োজন৷ আমি একেলগে দিল্লীৰ সমস্যাবোৰ ঠিক কৰিম৷’ মন কৰিবলগীয়া যে পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, সাতজন মুখ্যমন্ত্ৰী আৰু অন্যান্য শীৰ্ষ নেতাসকলে প্ৰচাৰ চলাইছিল যদিও ১০৪টা ৱাৰ্ডতহে বিজেপিৰ প্ৰাৰ্থীসকলে জয়লাভ কৰে৷ যিকোনো নিৰ্বাচনত আপে বিজেপিক পৰাভূত কৰা এয়ে প্ৰথম৷
Comments