গুৱাহাটী ঃ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ ডিচেম্বৰ ঃ নতুন নিযুক্তি, বিনামূলীয়া চাউলৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিকে ধৰি আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত কেবিনেটে অনুমোদন জনাইছে৷
গুৱাহাটীতে জনতা ভৱনৰ বাহিৰত পোন প্ৰথমবাৰৰ বাবে আজি শৰণীয়া পাহাৰত থকা গান্ধী মণ্ডপত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত স্বাস্থ্য বিভাগৰ অধীনত প্ৰসূতি মহিলাৰ বাবে থকা ‘আদৰণি’ বাহনৰ সেৱা বন্ধ কৰি দিয়াৰ সিদ্ধান্তত অনুমোদন জনোৱা হৈছে৷
কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে ঘোষণা কৰা এক লাখ পদৰ নিযুক্তিৰ বাবে বাকী থকাা৩০ হাজাৰ পদৰ নিযুক্তিৰ বিজ্ঞাপন ডিচেম্বৰ-জানুৱাৰীৰ ভিতৰত প্ৰকাশ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সংবাদমেলত কয় যে ৰাজ্য চৰকাৰে ১১০০ ল’ৰা-ছোৱালীৰ নিযুক্তিৰে তৃতীয় অসম বন সুৰক্ষা বাহিনী গঠন কৰিব৷
এই বন সুৰক্ষা বাহিনীটো লখিমপুৰত হ’ব৷ ইয়াৰ উপৰি বন বিভাগত খালী হৈ থকা আৰু নতুনকৈ সৃষ্টি কৰা মুঠ ১৭০০ পদত নিযুক্তিৰ বাবে অনুমোদন জনোৱা হয়৷ শিক্ষা বিভাগতো আৰু ৬যজ্জ হাজাৰ পদত নিযুক্তিৰ বিজ্ঞাপন অহা ৩০ ডিচেম্বৰৰ আগতে প্ৰকাশ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷
ইয়াৰ ভিতৰত ৫৩০টা পদ ঠিকাভিত্তিক হ’ব আৰু বাকী সকলোবোৰ পদ হ’ব নিয়মীয়া৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ইয়াৰ ফলত এক লাখ নিবনুৱাক নিযুক্তি দিয়াটো নিশ্চিত হৈ পৰিল৷
ইতিমধ্যে ৪০ হাজাৰে নিযুক্তি লাভ কৰিছে, ৩০ হাজাৰ পদ নিযুক্তিৰ পৰ্যায়ত আছে আৰু ৩০ হাজাৰ পদৰ বাবে বিজ্ঞাপন প্ৰকাশৰ পৰ্যায়লৈ আগবাঢ়িল৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে নতুনকৈ ৪০ লাখ লোকৰ নাম ৰেছন কাৰ্ডত সোমাব৷ অৰ্থাৎ এই সিদ্ধান্তৰ ফলত প্ৰতিটো সমষ্টিত প্ৰায় ৩০/৩১ হাজাৰ নতুন হিতাধিকাৰী লোকে বিনামূলীয়া চাউল লাভ কৰিব৷
দেৰগাঁৱত থকা অসম পুলিচ একাডেমি এতিয়াৰে পৰা লাচিত বৰফুকন একাডেমি নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ততো কেবিনেটে অনুমোদন জনায়৷ মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কেবিনেটৰ সিদ্ধান্ত জানিবলৈ দি কয় যে অসম শক্তি বিতৰণ কোম্পানী আৰু অ’ এন জি চিয়ে যৌথভাৱে ২৫০ মেগাৱাট সৌৰ শক্তি উৎপাদন প্ৰকল্প স্থাপনত কেবিনেটে অনুমোদন জনাইছে৷
আনহাতে বিদ্যুৎ গ্ৰাহকক ৰাজ্য চৰকাৰে দিয়া ৰাজসাহায্যৰ বাবত অসম শক্তি বিতৰক কোম্পানীক দিবলৈ বাকী থকা ২৮৫ কোটি টকা আদায় দিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷
কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰসূতি মহিলাই চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি যাবলৈ চৰকাৰে দিয়া ‘আদৰণি’ বাহনত যাব নিবিচৰাৰ বাবে এই ব্যৱস্থা সম্পূৰ্ণভাৱে বন্ধ কৰা হৈছে৷ এতিয়াৰে পৰা প্ৰতিগৰাকী প্ৰসূতি মহিলাই বেংক একাউণ্টত ৭০০ টকাকৈ লাভ কৰিব৷ আগতে ১.৫ লাখ মহিলাইহে আদৰণি বাহন ব্যৱহাৰ কৰিছিল৷ বহু প্ৰসূতিয়ে সন্তান জন্মৰ পাছত চিকিৎসালয়ৰ পৰা আন বাহনত ঘৰলৈ উভতি যায়৷
আদৰণি বাহন বন্ধ কৰি নগদ ধন একাউণ্টত দিয়াৰ ফলত প্ত লাখ মহিলা উপকৃত হ’ব৷ আজিৰ কেবিনেটে বি টি চিৰ উন্নয়নৰ প্ৰথম কিস্তিৰ ধন ৩৬১ কোটি টকা মুকলি কৰি দিয়াত অনুমোদন জনোৱা হয়৷ চাফাই কৰ্মীসকলৰ বাবে এখন আয়োগ গঠনতো কেবিনেটে অনুমোদন জনাইছে৷
১৯৮৫ চনৰে পৰা যিসকল আৰক্ষী শ্বহীদ হ’ল, তেওঁলোকৰ পৰিয়ালক আৰ্থিক সকাহ দিয়া হৈছিল যদিও সকলো পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰি দিয়া হোৱা নাছিল৷ চাকৰি লাভ নকৰা পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্ৰহণ কৰে৷
এই সিদ্ধান্তৰ ফলত চাকৰি পাবলৈ বাকী থকা প্ৰায় ৪০০ পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি লাভ কৰিব৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে কেবিনেটৰ অনুমোদন অনুসৰি অসম লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু উপাধ্যক্ষই সপ্তম দৰমহা আয়োগৰ অনুমোদন অনুসৰি দৰমহা লাভ কৰিব৷
কেবিনেটৰ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সদৰী কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে অসম চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় বৰ্গৰ চাকৰিত অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ বাবে ২ শতাংশ পদ সংৰক্ষণ থাকিব৷ সেনা বিষয়াসকলে কম বয়সতে চাকিৰৰ পৰা অৱসৰ লয় আৰু তেওঁলোকে চৰকাৰী সেৱা আগবঢ়াব পাৰে৷ সেয়েহে ৰাজ্য চৰকাৰে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ পদত তেওঁলোকৰ বাবে পদ সংৰক্ষণত অনুমোদন জনোৱা হৈছে৷
গান্ধী মণ্ডপত কেবিনেট অনুষ্ঠিত কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা দুই অক্টোবৰত লাইট এণ্ড ছাউণ্ডৰ ব্যৱস্থা কৰা হৈছিল৷ কেবিনেট অনুষ্ঠিত কৰি মন্ত্ৰী আৰু বিষয়াসকলে যাতে এই ব্যৱস্থা চায় আৰু আন লোকসকলো আকৰ্ষিত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেট বৈঠক গান্ধী মণ্ডপত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷
গান্ধী মণ্ডপলৈ দুই অক্টোবৰ গান্ধী জয়ন্তীৰ বাদে আন দিনা সাধাৰণ লোক নাহে৷ মিউজিয়াম, লাইট এণ্ড ছাউণ্ডৰ মাজত নতুন ৰূপ দিয়া গান্ধী মণ্ডপৰ নৈসৰ্গিক শোভাই যাতে সাধাৰণ লোককো আকৰ্ষিত কৰে, তাৰ বাবে কেবিনেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ উল্লেখযোগ্য যে কেবিনেট অনুষ্ঠিত কৰাৰ পূৰ্বে গান্ধীৰ প্ৰতিমূৰ্তিত আঁঠু লৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সেৱা জনাই পুষ্পাঞ্জলি অৰ্পণ কৰে৷
Comments