Cartoon
View Older
গুৱাহাটী,৮ ডিচেম্বৰ:গুজৰাটত আগবাঢ়ি আছে বিজেপি, পিছ পৰি আছে কংগ্ৰেছ। এইবাৰ যদি বিজেপি জয়ী হয় তেন্তে সপ্তমবাৰৰ বাবে ক্ষমতালৈ আহিব গেৰুৱা শিবিৰ। গুজৰাট নিৰ্বাচনৰ এনে ফলাফল কিছু পৰিমাণে আশা কৰা হৈছিল। বিগত ২৭ বছৰ ধৰি গুজৰাটত অবিৰতভাৱে ক্ষমতা দখল কৰি আহিছে বিজেপিয়ে। ১৮২খন আসনৰ গুজৰাট বিধানসভা নিৰ্বাচনত আগবাঢ়ি আছে বিজেপি। গুজৰাট বিধানসভাৰ মেজিক ফিগাৰ ৯২।
১৫০ খন আসনত আগবাঢ়ি আছে বিজেপি । মাত্ৰ ২১খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ। আপে ৭খন আসনত আগবাঢ়ি আছে আৰু আন দলসমূহে ৪খন আসনত আগবাঢ়ি আছে। ২৩ হাজাৰ ৭১৩টা ভোটেৰে আগবাঢ়ি গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল। বীৰগাম বিধানসভা সমষ্টিৰ পৰা আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী হাৰ্দিক পেটেল। নিজৰ কেন্দ্ৰত আগবাঢ়ি আছে আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ইছুদান গান্ধী।
Comments