Cartoon
View Older
গুৱাহাটী,৮ ডিচেম্বৰ:বকোৰ লামপাৰাত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় এখন আল্ট্ৰা বাছ । এই শোকাৱহ দুৰ্ঘটনাটোত থিতাতে নিহত হয় বাছখনত থকা এজন যাত্ৰী ৷ ঘটনাৰ বিৱৰণী অনুসৰি বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এখন ই-ৰিক্সাক খুন্দিয়াই ৷ তাৰ পিছত পথৰ দাঁতিৰ দুখন দোকানক মহতিয়াই নিয়ে ৷
ফলত ভয়ংকৰ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় ড৹ অঞ্জনজ্যোতি বৰা নামৰ যাত্ৰীজন । জানিব পৰা অনুসৰি ড৹ অঞ্জনজ্যোতি বৰা নগৰবেৰা বি পি চলিহা মহাবিদ্যালয়ৰ ৰাজনৈতিক বিভাগৰ প্ৰবক্তা । দুৰ্ঘটনাটোত আন চাৰিগৰাকী যাত্ৰীও আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে । আহতসকলক বামুণীগাঁও আদৰ্শ চিকিৎসালয় ভৰ্তি কৰোৱা হয় ।
Comments