Cartoon
View Older
গুৱাহাটী,১২ ডিচেম্বৰ:বাংলাদেশৰ ৰে’ল মন্ত্ৰী ম: নুৰুল ইছলামে সোমবাৰে কয় যে ভাৰত আৰু বাংলাদেশৰ মাজত চলিব লগীয়া বহু প্ৰত্যাশিত নতুন ৰে’লপথ সেৱা অহা বছৰৰ জুন মাহত কাৰ্যক্ষম হ’ব । ভাৰতৰ আগৰতলা আৰু বাংলাদেশৰ আখৌৰাৰ মাজেৰে চলিব এই ৰে'ল সেৱা ।
মুঠ ১২.২৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰেলপথৰ ৬.৭৮ কিলোমিটাৰ বাংলাদেশ ভূখণ্ডত পৰে আৰু বাকী ৫.৪৬ কিলোমিটাৰ অংশ ত্ৰিপুৰাত পৰে । ২০১০ চনৰ জানুৱাৰী মাহত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰত ভ্ৰমণৰ সময়ত তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙক সাক্ষাৎ কৰাৰ সময়ত চূড়ান্ত কৰা হৈছিল এই সিদ্ধান্ত ।
Comments