Cartoon
View Older
গুৱাহাটী,১৩ ডিচেম্বৰ:নগাঁৱৰ প্ৰদীপ এণ্ড ক্রাফ্টে সুনাম কঢ়িয়াই আনিছে ৰাজ্যলৈ। ৰাষ্ট্ৰীয় পৰ্যায়ত বেংগালুৰু ললিত কলা চেণ্টাৰ ফ'ৰ ভিজুৱেল আৰ্টৰ তৰফৰ পৰা আয়োজন কৰা বিভিন্ন শাখাৰ চিত্ৰাংকণ প্রতিযোগিতাত ৩৩ টাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।
ইয়াৰে ১৪ জনে প্রথম স্থানসহ সোণৰ পদক, ১২ জনে দ্বিতীয় স্থানসহ ৰূপৰ পদক আৰু ৭ জনে তৃতীয় স্থানসহ ব্ৰঞ্জৰ পদক অর্জন কৰিছে। ললিত কলা চেণ্টাৰে-২০২২ বৰ্ষৰ অক্টোবৰ মাহত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাখনিৰ আয়োজন কৰিছিল। ইয়াত দেশৰ ৫ হাজাৰ ৩২৭খন চিত্ৰাংকণ বিদ্যালয়ৰ ২ লাখ ৭০ হাজাৰ ১৮৯ জন ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰিছিল।
Comments