গুৱাহাটী,১৩ ডিচেম্বৰ:চৰাইদেউ জিলাৰ অন্তৰ্গত বৰহাট শংকৰদেৱ শিশু নিকেতনৰ পৰা দুগৰাকী ছাত্ৰীয়ে ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ যোগাসন প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ সাজু হৈছে। বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ শিশু শিক্ষা সমিতি অসম, ক্রীড়া বিভাগৰ দ্বাৰা নিৰ্বাচিত চৰাইদেউ জিলাৰ অন্তৰ্গত বৰহাট শংকৰদেৱ শিশু নিকেতনৰ দুগৰাকী ক্রমে বিশ্বাসা গগৈ (অষ্টম শ্রেণী) আৰু লক্ষীপ্ৰিয়া শইকীয়া (নৱম শ্ৰেণী)।
দুয়োৰে তত্ত্বাবধায়ক ৰূপে যাব ভাৰ্গৱজ্যোতি গগৈ। ১৮ ডিচেম্বৰলৈকে হ'ব লগা ৰাজস্থানৰ উদয়পুৰৰ বিদ্যানিকেতন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'বলগা ভাৰতীয় ক্রীড়া সমাৰোহৰ যোগাসন প্রতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি তত্ত্বাবধায়ক ভার্গবজ্যোতি গগৈয়ে জনাইছে লগতে অসমৰ ছয়খন জিলাৰ পৰা ২১ গৰাকী ছাত্ৰ- ছাত্ৰীয়ে অংশগ্রহণ কৰিব বুলি জানিব পৰা গৈছে।
Comments