Cartoon
View Older
গুৱাহাটী,১৩ ডিচেম্বৰ:অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভাৰত-চীন সীমান্তত ভাৰতীয় সেনা আৰু চীনা সৈন্যৰ মাজত সংঘাত হোৱাৰ পিছত সষ্টম হৈছে ভাৰতীয় সেনা আৰু স্থানীয় ৰাইজ । ইতিমধ্যে অৰুণাচল প্ৰদেশৰ টাৱাঙৰ ইয়াংস্তে নামৰ ঠাইলৈ সেনাৰ দল মোটায়েন কৰা হৈছে ।
তথ্য অনুসৰি মুঠ ৬ জন ভাৰতীয় সেনাৰ লোক গুৱাহাটীৰ সেনাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । ইয়াংস্তে হৈছে টাৱাঙৰ জঙৰ পৰা ৪০ কিলোমিটাৰ নিলগত । চীনা সেনাৰ এটা বৃহৎ দলৰ ভাৰতীয় সেনাৰ লগত হতাহতি হয় এই স্থানত । ভাৰতীয় সেনাৰ ওপৰত আস্থা থকাৰ লগতে অৰুণাচল কোনো ধৰণে চীনৰ অংশ নহয় বুলি দাবী কৰিলে স্থানীয় লোকসকলে ৷
Comments