Cartoon
View Older
গুৱাহাটী,১১ ডিচেম্বৰ:অসম-মেঘালয়ৰ সীমাৰ বুজাবুজি চুক্তিত মেঘালয় উচ্চ ন্যায়ালয়ে জাৰি কৰিছে স্থগিতাদেশ।পৰৱৰ্তী শুনানি নোহোৱালৈকে স্থগিতাদেশ জাৰি কৰা হৈছে।৬ ফেব্ৰুৱাৰীত হ’ব বিষয়টোৰ সন্দৰ্ভত পৰৱৰ্তী শুনানি।উল্লেখ্য যে, চুক্তিৰ বিৰোধিতাৰে উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল আবেদন।
অভিযোগ অনুসৰি, দুই ৰাজ্যৰ মাজত হোৱা চুক্তিয়ে উলংঘা কৰিছে সংবিধানৰ ষষ্ঠ অনুসূচী।এই চুক্তিৰ জৰিয়তে স্থানীয় প্ৰশাসনিক ব্যৱস্থাত বাধা জন্মোৱাৰো অভিযোগ।মেঘালয়ৰ ৪গৰাকী স্থানীয় প্ৰশাসকে উচ্চ ন্যায়ালয়ত জনাইছিল আবেদন।বিষয়টোৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি স্থগিতাদেশ জাৰি।অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ মাজত হৈছিল বুজাবুজি চুক্তি।কেইবালানিও আলোচনাৰ অন্তত বিবদমান ভূমি সন্দৰ্ভত লৈছিল সিদ্ধান্ত।
Comments