Cartoon
View Older
গুৱাহাটী,১৪ ডিচেম্বৰ:টাৱাঙত ভাৰত-চীন সেনা সংঘৰ্ষৰ প্ৰভাৱ পৰিল পৰ্যটন ক্ষেত্ৰত । অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভাৰত-চীন সীমান্তৰ বুমলা পাছ এলেকা পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে । লগতে য়েংটছে অঞ্চলৰ চুমী গীয়েছেৰ জলপ্ৰপাত দৰ্শন কৰিবলৈ যোৱা পথো মঙলবাৰৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰা দিয়া হৈছে ।
উল্লেখ্য, ইতিমধ্যে টাৱাঙত সতৰ্কবাণী জাৰি কৰা হৈছে । বিশেষ সূত্ৰত প্ৰকাশ যে উক্ত অঞ্চল পৰিদৰ্শন কৰাটো সম্প্ৰতি কিছুদিনৰ বাবে বন্ধ ৰখা হৈছে । কিয়নো উক্ত অঞ্চলটোত বৰ্তমানেও এক চেপা উত্তেজনাই বিৰাজ কৰি আছে । টাৱাঙৰ বিভিন্ন ঠাইত সেনাৰ দ্বাৰা সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
Comments