চেলেংহাট ১৩ডিচেম্বৰঃ মৰিয়নীত অব্যাহত বন্য হস্তীৰ সন্ত্ৰাস।মঙ্গলবাৰে পুৱতি নিশা মৰিয়নীৰ বিজয়পুৰত বন্যহস্তীৰ আক্ৰমণত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু হোৱা লগতে গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয় মাতৃ ৷
মৃত্যু হোৱা ছাত্ৰী গৰাকী মৰিয়নী জংঘলব্লক হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী বৰষা গগৈ ৷আনহাতে গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত মহিলা গৰাকীৰ নাম লক্ষীমাই গগৈ। গিৱণ অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্থীৰ জাকটোৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে পুৱতি নিশা বিজয়পুৰত উপদ্ৰৱ চলাই৷
পিতৃহাৰা বৰষা গগৈ মাতৃ আৰু ভাতৃৰ সৈতে হাতী অহাৰ খৱৰ পায় নিৰাপদ আশ্ৰয় বাবে ঘৰৰ পৰা ওলাই যোৱাৰ মুহূৰ্ততে ঘৰৰ পদূলিতে বন্য হস্তীৰ আক্ৰমণৰ সন্মুখীন হয়।উগ্ৰ ৰূপ ধাৰন কৰা হাতীটোৰ আক্ৰমণত ছাত্ৰী গৰাকী থিতাতে মৃত্যু হোৱা লগতে মাতৃ লক্ষীমাই গগৈ হাতীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ JMCHত চিকিৎসাধীন অৱস্থাত আছে।
সম্প্ৰতি কিশোৰীগৰাকীৰ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে JMCH ত ৰখা হৈছে ৷ বৰ্তমানেও বন বিভাগৰ লোক ঘটনা স্থলীত উপস্থিত নোহোৱা লগতে বন্য হস্তী জাকটোক নিয়ন্ত্ৰণ কৰাত বন বিভাগ ব্যৰ্থ হোৱাত স্থানীয় লোক ক্ষোভিত হৈ পৰিছে।
Comments