গুৱাহাটী,১৯ ডিচেম্বৰ:প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মেঘালয়ৰ শ্বিলঙত ২৪৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীলৈ উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে কালি শ্বিলঙৰ ৰাজ্যিক সন্মিলন কেন্দ্ৰত উত্তৰ-পূব পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰে আৰু ইয়াৰ সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰে।
একাধিক প্ৰকল্পৰ ভিতৰত আছে ৩২০টা সম্পূৰ্ণ আৰু ৮৯০টা নিৰ্মাণাধীন ৪জি মোবাইল টাৱাৰ, উমচাৱলিত আইআইএম শ্বিলঙৰ নতুন চৌহদ, শ্বিলং-ডিয়েংপাচোহ ৰোড যি নতুন শ্বিলং ছেটেলাইট চিটী আৰু তিনিখন ৰাজ্য যেনে মেঘালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশৰ আন চাৰিটা পথ প্ৰকল্পৰ সৈতে উন্নত সংযোগ প্ৰদান কৰিব।
প্ৰধানমন্ত্ৰীয়ে মেঘালয়ৰ কাঠফুলা উন্নয়ন কেন্দ্ৰ আৰু ইণ্টিগ্ৰেটেড বীকিপিং ডেভেলপমেণ্ট চেণ্টাৰ আৰু মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা আৰু অসমৰ ২১টা হিন্দী পুথিভঁৰালত স্পাউন লেবৰেটৰী উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে অসম, মেঘালয়, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যত ছয়টা পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ তুৰাত ইণ্টিগ্ৰেটেড হস্পিটেলিটী এণ্ড কনভেনচন চেণ্টাৰ আৰু শ্বিলং টেকন'লজী পাৰ্ক পৰ্যায়-২ৰ আধাৰশিলা স্থাপন কৰে।
Comments