গুৱাহাটী, ১৬ ডিচেম্বৰঃ স্বামী আৰু পত্নীৰ মাজত কাজিয়াৰ বহুতো কাৰণ থাকে আৰু কেতিয়াবা এই কাজিয়াবোৰে ইমান ডাঙৰ ৰূপ লয় যে সেইবোৰ বিবাহ বিচ্ছেদৰ কাৰণ হৈ পৰে। কিন্তু কেতিয়াবা যদি মাছ ধৰাটো বিবাহ বিচ্ছেদৰ কাৰণ হৈ পৰে, তেন্তে সম্ভৱতঃ ই আটাইতকৈ আচৰিত কাৰণ হ'ব। ঠিক তেনে এক ঘটনা চীনত সংঘটিত হৈছে, য'ত এগৰাকী মহিলাই মাছ ধৰাৰ বাবে তেওঁৰ স্বামীক বিবাহ বিচ্ছেদ দিছে।
বিশেষ প্ৰতিবেদন অনুসৰি, এগৰাকী মহিলাই দহ বছৰ আগতে এজন পুৰুষৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ দুটা সন্তান আছে। মহিলাগৰাকীয়ে নিজেই কৈছে যে, "তেওঁ বহু বছৰ ধৰি মাছ ধৰি আহিছে আৰু প্ৰায়ে তেওঁ গোটেই নিশ মাছ ধৰিবৰ বাবে ঘৰৰ পৰা বাহিৰত থাকে। মই তেওঁক বহুবাৰ বুজাইছো, কিন্তু মোৰ পিছলৈ অনুভৱ হ'ব ধৰিলে যে, মোৰ স্বামীৰ মানসিক অৱস্থাৰ বিকৃতি ঘটিছে, কিয়নো তেওঁ কেতিয়াও মোৰ কথাত সন্মত হোৱা নাছিল। মই ঘৰৰ সকলো কাম অকলে কৰো, কাৰ্যালয়লৈও যাওঁ আৰু তেওঁ নিশা মাছ ধৰিবলৈ যায় আৰু গোটেই ৰাতি তাত কটায়। তেওঁৰ পৰিয়ালৰ বাবে অলোপ সময় দিয়া নাই।"
অৱশেষত, মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰে, কিয়নো, তেওঁৰ স্বামীয়েও বিবাহ বিচ্ছেদ ল'বলৈ সন্মত হয়। স্বামীয়ে কয় যে, "মই মোৰ পত্নীৰ অভিযোগ আৰু ঘৰুৱা কাজিয়াত অতিষ্ঠ হৈ পৰিছো। সেয়েহে দুয়ো বিবাহ বিচ্ছেদৰ বাবে আদালতত আৱেদন কৰিছো।"
Comments