Cartoon
View Older
গুৱাহাটী,১৬ ডিচেম্বৰ:দৰঙৰ দলগাঁৱত পুনৰ এনকাউণ্টাৰৰ ঘটনা । আৰক্ষীৰ পৰিবেষ্টনীৰ পৰা পলাবলৈ লওঁতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰীটোৰ ভৰিত গুলীয়াই । চোৰাং চিকাৰীটোৰ নাম আব্দুল মতিন । আব্দুলে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষত ধনশ্ৰী নৈৰ পাৰত এটা 303 ৰাইফল পুতি ৰখা বুলি কৈছিল,আৰক্ষীয়ে নিশা তাতেই তালাচী চলোৱাৰ সময়ত সুশীল বৰুৱা নামৰ ইউ বি চিপাহীজনক বুকুত ঘুচিয়াই আঘাতপ্ৰাপ্ত কৰিছিল আব্দুলে ।
তাৰ পৰা চিকাৰীটোৱে পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰে । আহত চোৰাং চিকাৰীটোক মঙলদৈ অসামৰিক হাস্পতালত ভৰ্তি কৰা হৈছে । অসম আৰক্ষীয়ে আব্দুলক ধৰিবলৈ ৫ লাখ টকা পুৰস্কাৰ ঘোষণা কৰিছিলদুৰ্ধৰ্ষ গঁড় চিকাৰী আব্দুল ১৪ ডিচেম্বৰত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ পৰা এটা ৰাইফলৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল দৰং আৰক্ষীয়ে ।
Comments