গুৱাহাটী,১৬ ডিচেম্বৰ:ড্ৰাগছ আৰু ধন সৰবৰাহৰ গোচৰত পুনৰবাৰ ইডিৰ জেৰাৰ সম্মুখীন হ'ব তেলেগু চলচ্চিত্ৰ উদ্যোগৰ মোহময়ী অভিনেত্ৰী ৰকুল প্ৰীত সিং। ১৯ ডিচেম্বৰত হায়দৰাবাদত থকা ইডিৰ কাৰ্য্যালয়ৰ সন্মুখত হাজিৰ হ’বলৈ জাননী জাৰি কৰিছে ইডিয়ে । ২০১৭ চনত হাইদৰাবাদত জব্দ হোৱা বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৰবৰাহৰ সৈতে তেওঁ জড়িত থকাৰ উপৰিও ধন সৰবৰাহৰ গোচৰৰ সম্পৰ্কত ইডিয়ে তেওঁক জেৰা চলাব ।
সাক্ষী টিভিৰ এক প্ৰতিবেদন অনুসৰি তেওঁৰ লগতে ৰাণা দগ্গুবাটি, পুৰী জগন্নাধ, ৰবি তেজা, চৰমী কৌৰ, নৱদীপ আদিৰ দৰে চেলিব্ৰিটিলৈও এই জাননী জাৰি কৰা হৈছে। ২০১৭ চনৰ জুলাই মাহত শুল্ক বিষয়াসকলে সংগীতজ্ঞ কেলভিন মাস্কাৰেনহাছ আৰু আন দুজন লোকৰ হাতৰ পৰা ৩০ লাখ টকাৰ ড্ৰাগছ জব্দ কৰি আটক কৰিছিল। তেওঁলোকে তদন্তকাৰীৰ আগত স্বীকাৰ কৰিছিল যে তেওঁলোকে চিনেমাৰ তাৰকা, চফটৱেৰ ইঞ্জিনিয়াৰ, আনকি কিছুমান কৰ্পৰেট স্কুলৰ ছাত্ৰ-ছাত্ৰীকো ড্ৰাগছ যোগান ধৰে।
Comments