Cartoon
View Older
গুৱাহাটী,২১ ডিচেম্বৰ:অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ আজি দ্বিতীয়দিনাও সদনৰ পৰা বহিষ্কৃত হ'ল বিধায়ক অখিল গগৈ । উল্লেখ্য যে আজি বিধায়ক অখিল গগৈয়ে মেঘালয়ৰ সৈতে বিবদমান অঞ্চলক লৈ মন্তব্য দাঙি ধৰাৰ সময়তে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । সদনৰ মজিয়াত অখিল গগৈ আৰু মন্ত্ৰী অতুল বৰাৰ মাজত সৃষ্টি হয় বাদানুবাদৰ ।
ইয়াৰ মাজতে অখিল গগৈয়ে অতুল বৰাক ‘ঐ দম নিদিব’ বুলি কয় ।ইয়াৰ পিছতে অখিলৰ এনে মন্তব্যক লৈ অসন্তুষ্ট হৈ পৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰী । অখিল গগৈক ক্ষমা খোজাৰ বাবে বাৰে বাৰে দাবী জনায় অধ্যক্ষই । অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে সদনত এনে ব্যৱহাৰ কৰা উচিত নহয় । কোনোবা এজনৰ বাবে এনেকৈ সদন অচল হ’ব নোৱাৰে । তাৰ পিছতেই বহিষ্কাৰ কৰা হ'ল অখিল গগৈক ।
Comments