গুৱাহাটী, ২১ ডিচেম্বৰঃ মঙলবাৰে ৰেভা বিশ্ববিদ্যালয়ে গুৱাহাটীৰ প্ৰাগজ্যোতি আই টি এ সাংস্কৃতিক ক্ষেত্ৰত জলবায়ু পৰিৱৰ্তন আৰু লিংগ সমতাৰ দৰে জ্বলন্ত বিষয়সমূহৰ ওপৰত নৃত্যৰ জৰিয়তে সজাগতা সৃষ্টিৰ উদ্দেশ্যে পোহৰ পঞ্চৱকত্ৰম নামেৰে এলানি অনুষ্ঠান প্ৰদৰ্শন কৰে। ৰেভা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড° পি শ্যামা ৰাজুৱে এই অনুষ্ঠানৰ সভাপতিত্ব কৰে।
উক্ত অনুষ্ঠানত শিৱৰ এক অংশ, পোহৰৰ প্ৰতিমূৰ্তি অগ্নিজাৰ পৰিত্যাগ পিছত কেনেকৈ তেওঁৰ গুৰুত্ব উপলদ্ধি কৰিলে সেই সমগ্ৰ কাহানীক ভগৱান শিৱৰ অঘৰী ৰূপটো চিত্ৰিত কৰিবলৈ অগ্নি উপাদানৰ ভাও লোৱা ভাৰতনাট্যম নৃত্যৰ পৰিবেশক সকলে খুব সুন্দৰকৈ উপস্থাপন কৰে।
আনহাতে, এই বিশেষ কাৰ্যসূচীত হিৰণ চন্দ্ৰ নাথ (আৰক্ষীৰ এডিজি, বিশেষ শাখা, ভাৰত চৰকাৰ), ড° ৰীতা চৌধুৰী (ভাৰতীয় কবি, ঔপন্যাসিকা আৰু সাহিত্য অকাডেমীৰ বঁটা বিজয়ীনী, নেচনেল বুক ট্ৰাষ্ট, ভাৰতৰ সঞ্চালিকা প্ৰধান ), ড° প্ৰসন্ন গগৈ (সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক, সঞ্চালক, উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ (এন ই জে চি চি), ডিমাপুৰ, নাগালেণ্ড), ৰামকৃষ্ণ তালুকদাৰ (সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক, শাত্ৰীয় নৃত্য প্ৰদৰ্শক), বিপুল চন্দ্ৰ দাস ( বিষ্ণু ৰাভা বঁটা আৰু সুৰেন্দ্ৰ সোঁৱৰণী বঁটা প্ৰাপক কথক নৃত্যৰ বিশিষ্ট প্ৰতিনিধি), ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ ভগ্নী বিশিষ্টা কণ্ঠশিল্পী মনীষা হাজৰিকা সহ ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
Comments