Cartoon
View Older
গুৱাহাটী,২১ ডিচেম্বৰ:অৱশেষত দিনটোৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱসান ঘটিল উমানন্দত ৷ মঙলবাৰে পুৱাৰে পৰা আতংকৰ সৃষ্টি কৰি আহিছিল এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়াই ৷ উমানন্দ মন্দিৰৰ সমীপত ঢেঁকীয়াপতীয়া বাঘটোক প্ৰত্যক্ষ কৰাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হৈছিল আতংকৰ ৷ কুৰুৱাৰ দিশৰ পৰা ব্ৰহ্মপুত্ৰেৰে উটি আহিছিল বাঘটো ৷
ফলত বন্ধ কৰি দিয়া হৈছিল উমানন্দ মন্দিৰৰ চৌহদত থকা দোকান-পোহাৰ । নদীৰে আহি উমানন্দ পাহাৰত বাঘটোৱে অৱস্থান কৰাৰ পাছত দুগুণে বৃদ্ধি পাইছিল আতংকৰ ৷ শেষত দিনজোৰা প্ৰচেষ্টাৰ অন্তত বন বিভাগ আৰু অসম ৰাজ্যিক চিৰিয়াখানাৰ লোকে বাঘটোক বিয়লি প্ৰায় ৫ বজাত ট্ৰেংকুলাইজ কৰি চিৰিয়াখানালৈ যাবলৈ সক্ষম হয় ৷
Comments