Cartoon
View Older
গুৱাহাটী, ২১ ডিচেম্বৰঃ মঙলবাৰে মণিপুৰৰ ইম্ফলত আৰক্ষীয়ে নিষিদ্ধ সংগঠন পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)ৰ দুজন কেডাৰক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক জব্দ কৰে। জব্দ কৰা অস্ত্ৰ আৰু বিস্ফোৰক সামগ্রীখিনিৰ ভিতৰত আছে পাঁচটা গ্ৰেনেড, তিনিটা পিষ্টল, তিনিটা আইইডি আৰু তিনিটা ডিটোনেটৰ। সূত্ৰযোগে জানিব পোৱা অনুসৰি, অহা বছৰ গণতন্ত্ৰ দিৱসৰ আগতে ইম্ফলৰ চৰকাৰী প্ৰতিষ্ঠানসমূহৰ ক্ষতি কৰিবলৈ বিস্ফোৰকবোৰ ব্যৱহাৰ কৰাৰ কথা আছিল।
ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষক যোগেশচন্দ্ৰ হাওবিজামে কয় যে, "হেইৰোক অঞ্চলত পিএলএৰ কেডাৰৰ উপস্থিতিৰ বিষয়ে তথ্য পোৱাৰ পিছত থৌবাল জিলা আৰক্ষী আৰু অসম ৰাইফলছৰ দ্বাৰা এক যুটীয়া অভিযান চলোৱা হয়, য'ত দুজন কেডাৰক আটক কৰা হৈছে।"
Comments