গুৱাহাটী, ২২ ডিচেম্বৰঃ বলীউড অভিনেতা অক্ষয় কুমাৰে কেৱল অভিনয়েৰে মানুহক মনোৰঞ্জন দিয়াই নহয়, তেওঁৰ চিনেমাৰ কাহিনীৰ জৰিয়তে এক সামাজিক বাৰ্তাও দিবলৈ চেষ্টা কৰে। ইয়াৰ মাজতে, এই প্ৰশ্নটো বহু লোকৰ মনত উত্থাপিত হ'ব পাৰে যে অক্ষয় কুমাৰৰ দৰে তেওঁৰ পুত্ৰ আৰৱকো চিনেমাত অভিনয় কৰা দেখা যাব নেকি। এই সন্দৰ্ভত অক্ষয় নিজেই এই প্ৰশ্নটোৰ উত্তৰ দিছে। অক্ষয়ৰ পুতেক আৰৱ কুমাৰৰ বয়স মাত্ৰ ২০ বছৰ। সকলোৱে জানি আচৰিত হ'ব যে আৰৱৰ হেনো চিনেমাত অভিনয় কৰাৰ প্ৰতি কোনো আগ্ৰহ নাই। এই তথ্য বাপেক অক্ষয়ে নিজে মুখে প্ৰকাশ কৰিছে।
অভিনেতাগৰাকীয়ে কৈছে যে, "মই প্ৰায়ে মোৰ চিনেমাবোৰ আৰৱক দেখুৱাব বিচাৰো, কিন্তু আৰৱে চিনেমা চাবলৈ ভাল নাপায়। আৰৱ কেৱল তেওঁৰ পঢ়া শুনা বা ফেশ্বন ডিজাইনিংত আগ্ৰহী। আৰৱে ফেশ্বন ডিজাইনিং ক্ষেত্ৰত আগবাঢ়িব বিচাৰে। মোৰ পুত্ৰ চিনেমাৰ প্ৰতি আগ্ৰহী নহয় আৰু অভিনেতা হ'বলৈ মন নকৰে, কিন্তু মই আৰৱক সদায়ে চিনেমাৰ জগতত অন্তৰ্ভুক্ত কৰিব বিচাৰো।"
Comments