গুৱাহাটী,২২ ডিচেম্বৰ:চীনত এক নতুন প্ৰকাৰৰ কৰ’না ভাইৰাছৰ সংক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই । তদুপৰি চীনে কৰ’না ভাইৰাছৰ সৈতে জড়িত তথ্য লুকুৱাই ৰাখিব পাৰে বুলি সংগঠনটোৱে আশংকা প্ৰকাশ কৰিছে ।
আজি বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰ’ছ আধানম গেব্ৰেইছাছে কয় যে আশাকৰোঁ চীনে আমাক সঠিক তথ্য প্ৰদান কৰিব আৰু আমাৰ পৰামৰ্শসমূহ পৰ্যালোচনা কৰিব । কৰ’না ভাইৰাছৰ নতুন ৰূপ Omicron BF.7 ৰ বাবে বিপদত পৰা জনসাধাৰণৰ ছিটাকৰণ সম্পূৰ্ণ কৰিবলৈ বেইজিঙক প্ৰয়োজনীয় সহায় আগবঢ়াব বিশ্ব স্বাস্থ্য সংস্থাই ।
টেড্ৰ'ছে লগতে কয় যে ক'ভিড সংক্ৰমণৰ উৎস সম্পৰ্কে বহু তথ্য এতিয়াও পোহৰলৈ অহা নাই । প্ৰসংগক্ৰমে সেই দেশৰ মহামাৰীৰ পৰিস্থিতি সম্পৰ্কে খুব কম তথ্য পোহৰলৈ আহিছে । চীনে সদায় অস্বীকাৰ কৰি আহিছে যে নভেল কৰ’না ভাইৰাছৰ সৃষ্টি হৈছে য়ুহানৰ পৰা । ভাইৰাছ বিশেষজ্ঞৰ মতে, এই শীতকালত চীনত তিনিটা ক'ভিডৰ ঢৌ আহিব ।
Comments