গুৱাহাটী,২২ ডিচেম্বৰ:অৱশেষত নেপালৰ জে'লৰ পৰা মুক্তি পাব 'বিকিনি কিলাৰ’ চাৰ্লছ শোভৰাজে । বুধবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে ১৯ বছৰ কাৰাবন্দী হৈ থকা ফৰাচী অপৰাধীজনক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে ।
সত্তৰৰ দশকৰ পৰা আশীৰ দশকৰ আৰম্ভণিতে থাইলেণ্ডকে ধৰি বিভিন্ন দেশৰ মহিলা পৰ্যটকক ড্ৰাগছ সেৱন কৰি হত্যা কৰাৰ অভিযোগ আছে চাৰ্লছ শোভৰাজৰ বিৰুদ্ধে। তেওঁৰ অধিকাংশ ভুক্তভোগীয়ে বিকিনি পিন্ধিছিল। শোভৰাজৰ হত্যা কৰা ধৰণৰ বাবেই তেওঁক ‘The Splitting Killer’ বুলি অভিহিত কৰা হৈছিল। হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত তেওঁ সৰীসৃপৰ দৰে পলায়ন কৰাৰ বাবেই তেওঁক ‘The Serpent’ বুলিও কোৱা হৈছিল।
বিশ্বৰ অপৰাধ মানচিত্ৰৰ অন্যতম কুখ্যাত এই ‘ছিৰিয়েল কিলাৰ’ ভাৰতৰ তিহাৰ জেলত দীৰ্ঘদিন ধৰি বন্দী হৈ আছিল । বহুভাষিক শোভৰাজে সুন্দৰীক আকৰ্ষণ কৰিবলৈ নিজৰ ভাল চেহেৰা আৰু মনোমোহা ব্যক্তিত্ব ব্যৱহাৰ কৰিছিল । শোভৰাজৰ বিৰুদ্ধেও কেইবাবাৰো জে'লৰ পৰা পলায়নৰ অভিযোগ উত্থাপন হৈছে । ১৯৮৬ চনতো তিহাৰৰ পৰা পলায়ন কৰে । কিন্তু কিছুদিন পিছত গোৱাৰ ৰেষ্টুৰেণ্টৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁক ।
Comments