গুৱাহাটী,১৯ ডিচেম্বৰ:প্ৰধানমন্ত্ৰীয়ে ত্ৰিপুৰাৰ আগৰতলাত ৪৩৫০ কোটি টকাৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । এই প্ৰকল্পসমূহৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত হিতাধিকাৰীসকলৰ বাবে গৃহ প্ৰৱেশ কাৰ্যসূচীৰ শুভাৰম্ভ – নগৰ আৰু গ্ৰামীণ, আগৰতলা বাইপাছ (খৈৰপুৰ– আমতালী) ৰাষ্ট্ৰীয় ঘাইপথ-০৮ বহল কৰাৰ বাবে সংযোগ প্ৰকল্প, পিএমজিএছৱাই ৩ৰ অধীনত ২৩০ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ৩২ টা পথৰ আধাৰশিলা স্থাপন আৰু ৫৪০ কিলোমিটাৰ দূৰত্ব সামৰি লোৱা ১১২ টা পথৰ উন্নয়নমূলক প্ৰকল্প। প্ৰধানমন্ত্ৰীয়ে আনন্দনগৰত ৰাজ্যিক হোটেল ব্যৱস্থাপনা প্ৰতিষ্ঠান আৰু আগৰতলা চৰকাৰী দন্ত মহাবিদ্যালয়ৰো উদ্বোধন কৰে।
প্ৰধানমন্ত্ৰীয়ে বিগত ৫ বছৰ ধৰি পৰিচ্ছন্নতা অভিযান সন্দৰ্ভত ৰাজ্যখনত সম্পন্ন হোৱা প্ৰশংসনীয় কামৰ কথা স্বীকাৰ কৰি কয় যে ত্ৰিপুৰাৰ জনসাধাৰণে ইয়াক ৰাজহুৱা আন্দোলনলৈ পৰিণত কৰিছে। ফলস্বৰূপে, সৰু ৰাজ্যৰ ক্ষেত্ৰত ত্ৰিপুৰা ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে।
দৰিদ্ৰ লোকসকলৰ পৰিয়ালৰ সৈতে সম্পৰ্কিত সংযোগ, দক্ষতা বিকাশ আৰু আঁচনিৰ সৈতে সম্পৰ্কিত আজিৰ প্ৰকল্পসমূহৰ বাবে ত্ৰিপুৰাবাসীক প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয়, "ত্ৰিপুৰাই আজি প্ৰথমখন দন্ত মহাবিদ্যালয় লাভ কৰিছে ।ত্ৰিপুৰাৰ যুৱক-যুৱতীসকলে এতিয়া ৰাজ্যৰ ভিতৰতে চিকিৎসক হোৱাৰ সুযোগ লাভ কৰিব। আজি ৰাজ্যখনৰ ২ লাখতকৈও অধিক দৰিদ্ৰ লোকে তেওঁলোকৰ নতুন পকী ঘৰত গৃহ প্ৰৱেশ কৰিছে, আৰু সেই ঘৰবোৰৰ মালিক হ’ল আমাৰ মাতৃ আৰু ভগ্নীসকল। দৰিদ্ৰ লোকসকলৰ বাবে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ত্ৰিপুৰা অন্যতম আগশাৰীৰ ৰাজ্য" ।
Comments