লখিমপুৰ,১৯ ডিচেম্বৰ : উন্নয়নৰ ঢাক ঢোল বজাই মুখ্যমন্ত্ৰী ড ' হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত বিভিন্ন আঁচনিৰ শুভ উদ্বোধন অথবা আধাৰশিলা অব্যাহত ৰাখিছে । উন্নয়নৰ এপষেক কাৰ্য্যসূচীত এনে বহু আঁচনি উদ্বোধন কৰিলে যদিও এনে একাংশ আঁচনিৰ নিৰ্মান কাৰ্য কিন্তু আজিও শেষ হোৱা নাই । ইয়াৰে এক উদাহৰণ হল লখিমপুৰৰ বাইপাছ ।
এই বাইপাছটো মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পিছতো ৰাইজৰ বাবে মুকলি নহল ।বিগত ১৬ ডিচেম্বৰৰ দিনা ঘুনাসুতিৰ বুকুৰ পৰাই আন বহুবোৰ আঁচনিৰ লগতে মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিছিল এই ১২ কিলমিটাৰ দৈঘ্যৰ বাইপাছটো.। পিছে যাতায়তৰ বাবে মুকলিহে কৰি দিয়া নহল আজিলৈকে.।কিয়নো এতিয়াও সম্পূৰ্ণ হোৱা পথটোৰ কাম কাজ.।
উল্লেখ যে২০১২ চনতে নিৰ্মান আৰম্ভ কৰা এই পথটোৰ নিৰ্মাণ ব্যয় হল প্ৰায় ৯৫ কোটি টকা.। কিন্তু ১১ টা বছৰেও ১২ কিলমিটাৰ দৈঘ্যৰ এই পথটোৰ সম্পূৰ্ণ নহল নিৰ্মাণ কাৰ্য.।শেহতীয়াকৈ উন্নয়নৰ এপষেক কাৰ্য্যসূচীত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিবলৈকে নিৰ্মাণ কাৰ্য খৰতকীয়া কৰি উদ্বোধনৰ ব্যবস্থা কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰন আৰু নিৰ্মাণ কাৰী সংস্থাই ।
পিছে তাতেই লাগিল এতিয়া কেনা । মুখ্যমন্ত্ৰীয়ে ঘুনাসুতিত বুকু ফিন্দাই ১৬ ডিচেম্বৰৰ দিনা বাইপাছটোৰ উদ্বোধন কৰিলে যদিও আজি পৰ্য্যন্ত নহল যাতায়তৰ বাবে মুকলি ।এতিয়াও দিনে নিশাই কাম কাজ অব্যাহত ৰাখিছে শ্ৰমিক সকলে । পথটোৰ দুয়োটা মুৰে লগাই ৰখা হৈছে পথ বন্ধৰ ফলক । এনেবোৰ কৰ্ম কাণ্ডই এতিয়া পুনৰ উদঙাই দেখুৱাইছে বিভাগীয় ফোঁপোলা স্বৰূপ ।
Comments