Cartoon
View Older
গুৱাহাটী,২০ ডিচেম্বৰ: জম্মু কাশ্মীৰত পুনৰ এনকাউন্টাৰ ঘটনা ৷ মঙলবাৰে শ্বপিয়ান জিলাৰ জয়নাপোৰাৰ মুঞ্জ মাৰ্গ অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ সংঘটিত হয় ৷ এই সংঘৰ্ষত লস্কৰ-ই-তইবাৰ (এল ই টি) তিনি সন্ত্ৰাসবাদী নিহত হয় বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে ৷ ইয়াৰে দুটা সন্ত্ৰাসবাদীক শ্বপিয়ানৰ লাটিফ ল'ন আৰু অনন্তনাগৰ উমেৰ নাজিৰ বুলি চিনাক্ত কৰা হৈছে ৷
উল্লেখ্য যে, লাটিফ কাশ্মীৰি পণ্ডিত পুৰাণা কৃষ্ণ ভাটৰ হত্যাত জড়িত থকাৰ লগতে উমেৰ নাজিৰ নেপালৰ টিল বাহাদুৰ থাপাৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল বুলি জানিবলৈ দিয়ে ৷ এই অভিযানত ৰাষ্ট্ৰীয় ৰাইফলছ, কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী আৰু অন্যান্য নিৰাপত্তা সংস্থাসমূহ জড়িত হৈ আছে ৷
Comments