গুৱাহাটী,২২ ডিচেম্বৰ:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ উত্তেজনা মাৰ নৌযাওঁতে এইবাৰ পুনৰ গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ৰেগিংকাণ্ড সংঘটিত হৈছে ৷ ৰাজ্যৰ আগশাৰীৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ৰেগিঙৰ নামত জ্যেষ্ঠ ছাত্ৰৰ নিৰ্যাতনত আহত হৈছে বিশাল কাশ্যপ হালৈ নামৰ এজন ছাত্ৰ ৷ জ্যেষ্ঠ ছাত্ৰই দাবী কৰা ধন নাপায় ছাত্ৰজনৰ সোণৰ চেইন কাঢ়ি লৈ যোৱাৰ লগতে ভাঙি পেলায় ছাত্ৰজনৰ স্কুটী ৷
ঘটনা অনুসৰি যোৱা ১৯ ডিচেম্বৰত ৪ নং ছাত্ৰাবাসৰ মনিটৰ দেৱজিত বড়োৰ এটা দলে প্ৰতিষ্ঠানখনৰ চৌহদত নিৰ্যাতন চলায় । সেইদিনা বিয়লিৰ ভাগত দলটোৱে প্ৰতিষ্ঠানখনৰ এটা আছুতীয়া কোঠালৈ মাতি নি গালি গালাজ পৰাৰ লগতে ৫০০ টা দাবী কৰে । দাবী কৰা ধন দিবলৈ অমান্তি হোৱাত ভুক্তভোগী ছাত্ৰজনক মাৰপিট কৰি কাপোৰ ফালি দিয়ে আৰু উলংগ হৈ নাচিবলৈ বাধ্য কৰায় বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ছাত্ৰজনে ।ভুক্তভোগী ছাত্ৰজন প্ৰথমে ৪ নং ছাত্ৰাবাসত আছিলে যদিও জ্যেষ্ঠ ছাত্ৰ নিৰ্যাতনৰ বলি হৈ ছাত্ৰাবাস এৰি অন্য স্থানলৈ যায় ।
কিন্তু জ্যেষ্ঠ ছাত্ৰৰ দলটোৱে পুনৰ প্ৰতিষ্ঠানখনৰ চৌহদত নিৰ্যাতন চলোৱাত ভুক্তভোগী ছাত্ৰজনে আৰক্ষীৰ কাষ চাপে ৷এই ঘটনা সন্দৰ্ভত ছাত্ৰজনে চানমাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । ঘটনা সন্দৰ্ভত ৫৪৩/২২ নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে চাৰিজন ছাত্ৰক সোধপোছৰ বাবে আটক কৰিছে ৷ইতিমধ্যে আৰক্ষীয়ে ৪নং ছাত্ৰাবাসৰ আৱাসী মনিটৰ দেৱজিৎ বড়ো (১৯), মুকঠান বড়ো (১৯), ৰবি শংকৰ দাস (১৯) , ৰিপন পাঠক (২০) সোধ পোছৰ বাবে আটক কৰিছে ।
ইফালে বিশাল নামৰ ছাত্ৰজনে ব্যক্তিগত আখেজৰ প্ৰতিশোধ ল’বলৈহে ভুৱা ৰেগিঙৰ গোচৰ ৰুজু কৰিছে বুলি একাংশ ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ উত্থাপন কৰিছিল ৷ বিশালে জ্যেষ্ঠ ছাত্ৰৰ সৈতে ফোনত কৰা এক বাৰ্তালাপৰো কেবাটাও ৰেকৰ্ডিং পোহৰলৈ আহিছে ৷ বিশালে এতিয়াও ৰেগিংঙৰ পৰ্যাপ্ত তথ্য দিব পৰা নাই যদিও আৰক্ষীৰ সোধ পোছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ৷
Comments