Cartoon
View Older
গুৱাহাটী,২২ ডিচেম্বৰ:বিশিষ্ট গল্পকাৰ, জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা ৷ ‘ভুল সত্য’ গ্ৰন্থৰ বাবে গোস্বামীয়ে লাভ কৰে এই সন্মান ৷অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাদেমী বঁটা ঘোষণাই অসমীয়া সাহিত্য জগতলৈ আনন্দৰ জোৱাৰ কঢ়িয়াই অনাৰ লগতে তেঁওৰ গল্পৰ গুণমুগ্ধসকলক উৎফুল্লিত কৰি তুলিছে ৷
১৯৬২ চনত নগাঁৱত জন্মগ্ৰহণ কৰা মনোজ কুমাৰ গোস্বামী অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ লগতে প্ৰসিদ্ধ লেখক । যোৱা কেইবাটাও দশক তেঁও কলমৰ যাদুৰে পাঠকক মুগ্ধ কৰি আহিছে ৷ তেখেতৰ পিতৃৰ নাম কমলচন্দ্ৰ গোস্বামী আৰু মাতৃৰ নাম লখিমী গোস্বামী ।
Comments