Cartoon
View Older
সোণাৰি, ২২ ডিচেম্বৰ: সোণাৰি নগৰৰ এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলাই অৱশেষত ৰঙা ঘৰলৈ যাবলগীয়া হ'ল এটা সংগঠনৰ এগৰাকী বিষয়ববীয়া।
উল্লেখযোগ্য যে নগৰখনৰ নামতোলা নিবাসী তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নামৰ সংগঠনটোৰ সোণাৰি আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক চাজু বৰাক সোণাৰি আৰক্ষীয়ে আত্মীয়ৰ এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত কালি আটক কৰে।
ইফালে কিশোৰী নিৰ্যাতন সম্পৰ্কীয় ঘটনাটোৰ সন্দৰ্ভত সোণাৰি আৰক্ষীয়ে ১৯৩/২২ নম্বৰত ৰুজু কৰা ভাৰতীয় দণ্ড বিধি আইনৰ ৩৫৪(এ),আৰ ডব্লিউ ছেকচন ৮ পক'শ্ব আইনৰ অধীনত কালি বিবাহিত অভিযুক্ত গৰাকীক চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে অভিযুক্তক জেল হাজোতলৈ প্ৰেৰণ কৰে।
এই ঘটনাটোৱে সমগ্ৰ সোণাৰিতে তীব্ৰ প্ৰতিক্ৰিয়া আৰু চাঞ্চল্য সৃষ্টি কৰিছে।
Comments