সোণাৰি, ২২ ডিচেম্বৰ: ৰাজ্যখনৰ বিদ্যুৎ কৰ্মী সকলৰ সংগঠন আসাম ষ্টেট পাৱাৰ ৱাৰ্কাৰ্ছ ইউনিয়নে আজি ৰাজ্য জুৰি আহ্বান জনোৱা ৬ ঘণ্টীয়া প্ৰতীক অনশনৰ কাৰ্যসূচী লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰত ইউনিয়নৰ সদস্য সকলে ৰূপায়ণ কৰে।
উল্লেখযোগ্য যে তাপ বিদ্যুৎ কেন্দ্ৰটোৰ মহাপ্ৰবন্ধকৰ কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত অৱস্থান লৈ আজি ইউনিয়নৰ সদস্য সকলে প্ৰতীক অনশনৰ কাৰ্যসূচীত ভাগলৈ সকলো শ্ৰেণীৰ বিদ্যুৎ কৰ্মচাৰীৰ বন্ধ কৰি ৰখা পদোন্নতি তৎকালীন ভাবে দিয়াৰ ব্যৱস্থা কৰা, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ উদ্যোগিক প্রশিক্ষণপ্রাপ্ত সহায়ক সকলৰ ৩ বছৰত, উদ্যোগিক প্রশিক্ষণ নথকা সকলৰ ৫ বছৰত আৰু অকাৰিকৰী কৰ্মচাৰীৰ প্ৰথম পদোন্নতি ৫ বছৰৰ ভিতৰত আদায় দিয়াৰ উপৰিও পদোন্নতিৰ জৰিয়তে বিভাগীয় খালী পদসমূহ পূৰণ কৰা, নতুন নিযুক্তিৰ দ্বাৰা প্ৰাথমিক পদসমূহত মানৱ শক্তি বৃদ্ধি কৰা, দুবছৰীয়া সহায়ক সকলৰ প্ৰশিক্ষণ/প্ৰৱেচনৰ ম্যাদ ২০০৫ চনৰ পৰা এবছৰ কৰা আৰু এই সংক্রান্তীয় বকেয়া আদায় দিয়া, বিদ্যুৎ কৰ্মী সকলৰ বাবে নগদ বিহীন উন্নত ধৰণৰ চিকিৎসা ব্যৱস্থা প্ৰৱৰ্ত্তন কৰা, পেঞ্চনাৰ সকলৰ সমস্যাসমূহ সমাধান কৰা, বন্ধৰ দিনত কাম কৰা MRBC, OCFA কৰ্মচাৰীসকলক Compansatory Allowance দিয়াৰ ব্যৱস্থা কৰা,অস্থায়ী কৰ্মচাৰী সকলৰ চাকৰি স্থায়ীকৰণকে ধৰি সকলো সমস্যা সমাধান কৰা, সেৱা হাত পুথি (Service Manual) প্ৰৱৰ্ত্তন কৰা, ৩৩/১১ কেভি নিয়ন্ত্রণ কক্ষসমূহ ব্যক্তিগতকৰণ বন্ধ কৰা, বিদ্যুৎ উৎপাদন, প্ৰৱহন আৰু বিতৰণ কোম্পানীসমূহক আত্মনিৰ্ভৰশীল কৰা আৰু বিদ্যুৎ কৰ্মচাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত ইউনিয়নে আজিৰ এই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। বিয়লি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা ইউনিয়নে দহ দফীয়া দাবী সমাধানৰ বাবে তাপবিদ্যুৎ কেন্দ্ৰটোৰ মহাপ্ৰবন্ধক গৰাকীক এক স্মাৰকপত্ৰ প্ৰদান কৰে।
Comments