তিনিচুকীয়া: ২২ ডিচেম্বৰ: জিলা শিশু কল্যাণ আৰু সুৰক্ষা সমিতিৰ তিনিমহীয়া পৰ্যালোচনা বৈঠক আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতীৰ অধক্ষ্যতাত অনুষ্ঠিত হয়।
অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হকে আঁত ধৰা এই বৈঠকত জিলা শিশু কল্যাণ আৰু সুৰক্ষা সমিতিয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে বিতং তথ্য সম্বলিত সচিত্ৰ উপস্থাপন কৰে। শিশু শ্ৰমিক তথা বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি দুৰীকৰণৰ বাবে আৰু শিশুৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যকলাপ ৰোধ কৰিবৰ বাবে জিলাখনত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই বিষয়েও আলোচনা কৰা হয়।
বৈঠকত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব ফৰহান উদ্দিন চৌধুৰী, শদিয়া আৰক্ষী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজেন্দ্ৰ ওঝা, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজকল্যাণ বিষয়া নিলুৰাম শৰ্মা, জিলা শিশু সুৰক্ষা গোটৰ সভাপতি জয়ন্ত বৰুৱা, সহকাৰী শ্ৰম আয়ুক্ত ড০ ভাস্কৰ মিলি প্ৰমুখ্যে জিলাখনৰ কেউটা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল, সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াসকলৰ লগতে জিলা শিশু সুৰক্ষা গোট আৰু চাইল্ড লাইনৰ বিষয়ববীয়াসকল উপস্থিত আছিল।
Comments