তিনিচুকীয়া: ২২ ডিচেম্বৰ: অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনস্থ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ ইটাখুলি খণ্ডৰ উদ্যোগত আৰু মহাকালী গ্ৰান্ট উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আজি "গনিত দিৱস " আয়োজন কৰে। আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ মুখ্য উপদেষ্টা আৰু্ বিজ্ঞান শিক্ষক প্ৰাঞ্জলজ্যোতি ডেকাই "শ্ৰীনিবাস ৰামানুজম"ৰ প্ৰতিছবিত মাল্যৰ্পন, বন্তি প্ৰজ্বলন কৰি "গনিত দিৱস"ৰ কাৰ্যসূচী শুভাৰম্ভ কৰে।
গনিত বিষয়ৰ ওপৰত প্ৰকল্প (Model) প্ৰতিযোগিতাত অনুষ্ঠিত কৰা হয় । গনিত দিবস কাৰ্যসূচীত মহাকালী গ্ৰান্ট, বিষ্ণু জ্যোতি, শুকানী আদৰ্শ আদি উচ্চ ইংৰাজী বিদ্যালয়ৰ লগতে বৰডুবি উচ্চত্তৰ মাধ্যমিক বিদ্যালয়, ডিগবৈ আৰ. ডি. কনিষ্ঠ মহাবিদ্যালয় আৰু ডিব্ৰুগড় কানৈ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে । জেষ্ঠ শিক্ষয়িত্ৰী গীত পাঠকৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়।
সভাত মহাকালী গ্ৰান্ট উচ্চ মাধ্যমিক বিদ্যালয়ৰ গনিত শিক্ষক নিপন দাসে গনিত দিৱসত ভাৰতৰ মহান গণিতজ্ঞ " শ্ৰী নিৱাস ৰামানুজম "ৰ কৰ্মজীৱনৰ ওপৰত ব্যাখ্যা দাঙি ধৰে । তেখেতে বৰ্তমান বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ সময়ত তিনিচুকীয়া জিলাখনৰ গাঁও আৰু বিশেষকৈ চাহ বাগিছা এলেকাৰ পৰা একেবাৰে নগন্য সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান আৰু গনিত বিষয়ক লৈ উচ্চ শিক্ষা গ্ৰহণ কৰাটো দুৰ্ভাগ্যজনক আৰু চিন্তনীয় বিষয় বুলি উল্লেখ কৰে ।
সভাত ডিগবৈৰ আৰ.ডি. কনিষ্ঠ মহাবিদ্যালয় আৰু ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয় ছাত্ৰ সকলেও বক্তৃতা প্ৰদান কৰে। প্ৰজেক্টৰৰ সহায়ত ৰামানুজম ৰ আৱিস্কাৰ কৰা গনিতৰ বিভিন্ন সূত্ৰসমূহ ছাত্ৰ-ছাত্ৰীক প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানৰ আঁত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ৰবিন কুৰ্মিয়ে ধৰে।
Comments